Posts

Showing posts from September, 2020

মহৎ লোকৰ বাণী Assamese thoughts, quotes

Image
মহৎ লোকৰ বাণী Assamese thoughts, quotes মহৎ বাণী ধুমুহা পাৰ হৈ যাবলৈ অপেক্ষা কৰাটো জীৱন নহয়, বৰষুণৰ মাজতো নৃত্য কৰিবলৈ শিকাটোহে জীৱন।   মহৎ বাণী যদি তুমি ধনৱান হব বিচাৰা তেন্তে যিমান পোৱা সিমানে সঞ্চয় কৰাৰ কথা ভাবিবা - ফ্ৰংকলিন    মহৎ বাণী মহৎ বাণী মহৎ বাণী মহৎ বাণী মহৎ লোকৰ বাণী সত্যত থকাতকৈ সত্যৰ অন্বেষণ অধিক মূল্যৱান = আইনষ্টাইন  মহৎ বাণী মহৎ লোকৰ বাণী কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে= এইচ. মেনন মহৎ বাণী মহৎ লোকৰ বাণী স্বপ্ন বা দূৰদৃষ্টি নাথাকিলে মানুহৰ পতন আনিবাৰ্য= এ পি জে আব্দুল কালাম মহৎ বাণী মহৎ লোকৰ বাণী জীৱনতো কঠিন শ্ৰমযুক্ত এক কষ্টকৰ অন্তৱতী যাত্ৰা= এ পি জে আব্দুল কালাম মহৎ বাণী মহৎ লোকৰ বাণী সূৰ্যৰ ৰশ্মিলৈহে সদায় চকু দিবা , তেহে আন্ধাৰলৈ চকু নাযাব= হেলেন কেলাৰ 

চিকাৰী বন্যপ্রাণী||চিকাৰ কৰা বিভিন্ন জন্তু||Wild Animals

Image
চিকাৰী বন্যপ্রাণী||চিকাৰ কৰা বিভিন্ন জন্তু||Wild Animals চিকাৰ কৰা বিভিন্ন জন্তু জাগুৱাৰ Jaguar জাগুৱাৰ (Jaguar) নামৰ প্রাণীবিধ দেখাত নাহৰফুটুকীৰ লেখীয়াই, কিন্তু আকাৰত ভালেখিনি ডাঙৰ। ইহঁতে সুন্দৰকৈ সাঁতুৰিব পৰাৰ লগতে গছ বগােৱাতাে বৰ পটু। পানীত নামি ইহঁতে নেজডালেৰে পানীৰ এঠাইত খল- খলকৈ শব্দ কৰিবলৈ ধৰে। মাছবােৰে সেই শব্দ শুনি ওচৰ চাপি আহিলে, হাতােৰাৰ একোটা প্রচণ্ড চাবেৰে ইহঁতে মাছবােৰক পাৰৰ মাটিলৈ দলিয়াই দিয়ে। ইহঁতে অৰণ্যত যিকোনাে ধৰণৰ প্রাণীকে আক্রমণ কৰে। আনকি বালিত ৰ'দ পুঁৱাই থকা সৰু বৰ বিভিন্ন আকৃতিৰ কাছও ইহঁতৰ চিকাৰ হয়গৈ।  নাহৰফুটুকী বাঘ Leopard নাহৰফুটুকী বাঘক ইংৰাজীত Leopard বােলা হয়। বিশ্বৰ সৰহভাগ নাহৰফুটুকী দক্ষিণ আফ্রিকা আৰু দক্ষিণ-পূর্ব এছিয়াত পােৱা যায়। অৰণ্য অঞ্চলৰ লগতে পর্বত্য অঞ্চলতাে নাহৰফুটুকী বাঘ দেখা যায়। অইন বাঘ বা সিংহৰ তুলনাত ইহঁতৰ আকাৰ ৫০ শতাংশ সৰু। কিন্তু আকাৰত সৰু হলেও তীব্র ঘ্রাণশক্তি আৰু চিকাৰ ধৰাৰ কৌশলৰ বাবে ইহঁতে নিজৰ ওজনৰ তিনিগুণতকৈও বেছি ওজনৰ জন্তু চিকাৰ কৰিব পাৰে।। নহৰফুটুকীবােৰে জীৱনৰ ভালেখিনি সময় গছৰ ওপৰত কটায়। পােৱালিবােৰকো ইহঁতে নিৰাপদে ৰখ...

অসমীয়া কৌতুক Assamese Jokes

Image
অসমীয়া কৌতুক Assamese Jokes অসমীয়া কৌতুক  অসমীয়া কৌতুক: Assamese Jokes শিক্ষক: [আব্রাহাম লিংকনৰ বিষয়ে কৈ থকাৰ সময়ত] আব্রাহাম লিংকনে বৰ কষ্ট কৰি ডাঙৰ হৈছিল। দৈনিক সাত মাইল পথ খােজ কাঢ়ি তেওঁ স্কুললৈ গৈছিল ... এতিয়া ল’ৰাহঁত কচোন, পাঠটোৰ পৰা তহঁতে কি শিকিলি?  ভলু: ছাৰ, তেখেতে অলপ সােনকালে উঠি স্কুল বাছ ধৰিবলৈ যােৱাটোৱেই উচিত আছিল।  অসমীয়া কৌতুক: Assamese Jokes *****  অসমীয়া কৌতুক: Assamese Jokes শিক্ষক: ৰাজু, তােৰ হােমৱৰ্কৰ বহীখন ক’ত?  ৰাজু: ছাৰ, স্কুললৈ আহি থাকোতে বৰকৈ বলা বতাহ এজাকে সেইখন উৰুৱাই লৈ গ'ল।  শিক্ষক: [খঙেৰে] কি কলি? আৰু তােৰ স্কুললৈ অহাত পলম হ’ল কেলেই ?  ৰাজু: ছাৰ, সেই বতাহজাক আকৌ উভতি আহিব বুলি ৰৈ আছিলোঁ।  অসমীয়া কৌতুক: Assamese Jokes *****  অসমীয়া কৌতুক: Assamese Jokes শিক্ষক : যদি তােমাৰ হাতত এটকা থাকে আৰু দেউতাৰাৰ ওচৰত তুমি এটকা বিচাৰা, তেতিয়া তােমাৰ হাতত মুঠ কিমান টকা জমা হ'ব?  ছাত্র : এটকা, ছাৰ। শিক্ষক : তুমি এই সামান্য অংকটোও নাজানা ?  ছাত্র : আপুনি মােৰ দেউতাক নাজানে, ছাৰ।  অসমীয়া কৌতুক: Assamese...

স্মৃতিৰ পাত লুটিয়াই।। অসমীয়া কবিতা

Image
স্মৃতিৰ পাত লুটিয়াই।। অসমীয়া কবিতা।। Assamese Poem by Mayuri Gohain স্মৃতিৰ পাত লুটিয়াই স্মৃতিৰ পাতবোৰ এখিলা এখিলাকৈ  আজিও লিৰিকি বিদাৰি চাও,  জানোচা ঘূৰাই পাওঁ নিজক,  জানোচা ঘূৰাই পাওঁ  মোৰ সেই হেৰাই যোৱা সপোন বোৰ,  জানোচা ঘুৰাই পাওঁ সোণোৱালী শৈশৱবোৰ,  সমনীয়াৰ সৈতে কটোৱা ৰং ধেমালীবোৰ,  নানাৰঙী আশা বোৰ আৰু কত' আবেগসনা সময় বোৰ...  যান্ত্রিকতাই ঢুকি নোপোৱা সেই তাহানিৰ দিনবোৰ বৰ মধুৰময় আছিল, ঠিক আজিৰ দৰে নাছিল সময়ৰ গতিশীলতাই যেন সকলোকে ঢোই নিলে,  উটুৱাই নিলে জীৱনৰ ৰঙীণতা,  যি ৰঙীণতা প্রকৃতিৰ সৈতে  বিনিময় পথাৰে শুভাষীত কৰিছিল প্রকৃতিয়ে সৰ্বস্ৰ, সৰ্বেসৰ্বা আছিল এতিয়া যেন সকলোকে যান্ত্রিকতাই গ্ৰাস কৰিলে,  গ্ৰাস কৰি পেলালে জীৱনৰ প্ৰকৃত মায়াজনীক অনুভবে কয় সকলো যেন এতিয়া যান্ত্রিকতাৰ গহবৰত বিলিন হৈছে সময়ৰ সোতেঁ সোতেঁ... ।  ~ ময়ুৰী গোঁহাই

চিকাৰী বন্যপ্রাণীৰ জগত||চিকাৰী জন্তু wild animals

Image
চিকাৰী বন্যপ্রাণীৰ জগত||চিকাৰী জন্তু wild animals  বনৰীয়া কুকুৰ :  ৰেকুন:  ৰেকুন ৰেকুন (Raccoon) নামৰ এবিধ বনৰীয়া সৰু কুকুৰৰ প্রজাতি আছে। পূব ছাইবেৰিয়া, জাপান আৰু এছিয়া মহাদেশৰে আৰু কিছুমান অঞ্চলত পােৱা এইজাত কুকুৰৰ মুখখন কলচীয়া, নাকটো জোঙা আৰু কাণ দুখন ঘূৰণীয়া। ৰেকুন নামৰ প্রাণীবিধৰে সাদৃশ্য থকা বাবেই ইহঁতক Raccoon Dog বােলা হয়। নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰি মাহলৈ শীতকালটো ইহঁতৰ শীতনিদ্ৰাৰ সময় (Hibernation)। ইহঁতে ভেকুলী, জেঠী, ভিন ভিন চৰাই আৰু অন্যান্য সৰু-সুৰা কীট-পতংগ ধৰি খায়। বিভিন্ন প্রজাতিৰ ঘাঁহ বনাে ইহঁতৰ প্রিয় খাদ্য। গােটেই গাটো ডাঠ মুগাবৰণীয়া নােমেৰে আৱৰা কুকুৰবিধ দেখাত খুবেই ধুনীয়া।  বুশ্ব ডগ: বুশ্ব ডগ বুশ্ব ডগ (Bush Dog) নামৰ অইন এজাতি কুকুৰৰ প্ৰজাতিৰ ঠেংবােৰ চুটি-চুটি আৰু ইহঁতৰ নেজড়ালাে নিচেই সৰু। আচৰিত যেন লাগিলেও ইহঁতৰ ঠেঙৰ পতা যােৰা লগা, যাৰ সহায়ত ইহঁতে পানীত সুন্দৰকৈ সাতুঁৰি যােৱাৰ লগতে মাছ আদি জলজ প্রাণী সহজেই ধৰি খাব পাৰে। ইহঁতে মাটিৰ তলৰ গাত, নাইবা গছৰ খােৰােঙত বাস কৰে।  ডিংগো: অষ্ট্রেলিয়াত পােৱা এজাতি বনৰীয়া কুকুৰৰ নাম হৈছে ডিং...

জীৱনৰ বাটত নতুন প্রেৰণা-অসমীয়া কাহিনী

Image
জীৱনৰ বাটত নতুন প্রেৰণা জীৱনৰ বাটত নতুন প্রেৰণা কোনােবা এখনি গাওঁ। আজিৰ পৰা প্রায় ২০ বছৰ মানৰ আগৰ কথা। যত যান্ত্রিকতাই মুখ দেখা নাই। তাতেই বাস কৰিছিল প্ৰেৰণা নামৰ মৰম লগা ছোৱালীজনী। দেখাত সহজ-সৰল, নম্র। মুখত এটি মিচিকীয়া হাঁহি। অফুৰন্ত ভাববেদনাক বুকুত বান্ধি আজিও আগুৱাই গৈ আছে নিজ লক্ষ্যৰ দিশে। হেৰুৱাই পেলােৱা নাই তাইৰ আশা, তাইৰ বিশ্বাস। সৰুতেই মাক-দেউতাকক হেৰুৱাৰ কাৰণটোৱেই তাইৰ আজি দুখ। আইতাকেই তাইক তাইৰ জীৱনৰ বাট দেখুৱাইছিল।  কিন্তু, দুর্ভগীয়া আইতাকেও তাইক এদিন এই সংসাৰত এৰি তাইক নিঠৰুৱা কৰি থৈ গ'ল। তাইৰ আজি কোনােয়েই নাই। তাইৰ দুখ ইয়াতেই। কিন্তু, যিমানদিন আইতাক জীয়াই আছিল, সেইকেইদিনত তাই আইতাকৰপৰা বহুত জ্ঞান লাভ কৰিব পাৰিলে। আইতাকে তাইক শিক্ষাও দিয়ালে।  তাইৰ ভদ্রতা, সৰলতা এই সকলােবােৰ আইতাকেই দিয়া সম্বল। তাইৰ বাবে আইতাকেই তাইৰ মাতৃস্বৰূপ আছিল। আইতাকৰ মৃত্যুৰ পিছত তাই জীৱন- নির্বাহ কৰিবৰ বাবে ঘৰে ঘৰে গৈ কাম কৰি দুপইচা অর্জন কৰি দুবেলা দুমুঠি খাইছিল। এনেকৈয়ে তাইৰ জীৱনটো অতিবাহিত হৈছিল। তাই মাজে সময়ে শিক্ষাক কেন্দ্ৰ কৰি কবিতা, গল্প আদি লিখিবলৈ আৰম্ভ কৰিলে। কিন্তু, গাঁ...

বিশ্বৰ জানিবলগীয়া বহু আচৰিত কথা আপোনালোকে জানেনে?

Image
বিশ্বৰ জানিবলগীয়া বহু আচৰিত কথা আপোনালোকে জানেনে? আপোনালোকে জানেনে Assamese facts ১. এজন প্রাপ্তবয়স্ক লােকৰ শৰীৰত ২ ৰ পৰা ৯ পাউণ্ড বেক্টেৰিয়া থাকে। ২. নীলা তিমি মাছৰ হৃদপিণ্ডৰ আকাৰ এখন সৰু গাড়ীৰ সমান আৰু ইয়াৰ ধমনীৰ মাজেৰে মানুহ সৰকি যাব পাৰে। ৩. চাৰি বছৰীয়া শিশু এটাই গড়ে দিনে ৪০০ প্রশ্ন সােধে। ৪. পৃথিৱীত থকা সমূহ পৰুৱাৰ ওজন পৃথিৱীত থকা সমূহ মানুহৰ ওজনতকৈ অধিক। Assamese facts ৫. মানুহৰ জীৱনৰ ১০ শতাংশ সময় চকু পিৰিকিওতে (মুদা চকুৰে) পাৰ হয়।  ৬. শীতল কোঠা বা শীতকালত ভয় লগা সপােন দেখাৰ সম্ভাৱনা বেছি। ৭. বিখ্যাত গ্রীক গণিতজ্ঞ পাইথাগােৰাছে প্রাচীন অলিম্পিক খেলত বক্সিং খেলুৱৈ হিচাপে অংশ লৈছিল।  ৮. কার্যালয়ত কৰ্মৰত প্ৰতিজন কর্মচাৰীয়ে গড় হিচাপে প্রতিদিনে হেৰুওৱা ফাইল বা আন বস্তু বিচাৰি ৫০ মিনিট সময় খৰচ কৰে। Assamese facts ৯. কলত এনেকুৱা এবিধ পদার্থ থাকে, যিটো খালে মনটো ভাল লাগে।  ১০. পৃথিবীৰ মাছৰ সৰ্ববৃহৎ পাইকাৰী বজাৰখন হৈছে টকিঅ'ৰ 'সুকিজি মাৰ্কেট'।  ১১. কেৰ্কেটুৱাই পিছত খাবলৈ মাটিত পুতি থোৱা গুটিবোৰৰ কথা প্ৰায়েই পাহৰি যায় আৰু তাৰ ফলত নতুন গছ গজি উঠে।  ১২....

বিভৱৰ মহা দুষ্টালিবোৰ-অসমীয়া ধেমেলীয়া কাহিনী

Image
বিভৱৰ মহা দুষ্টালিবোৰ বিভৱৰ মহা দুষ্টালিবোৰ আমাৰ যে বিভৱ। মহা তীখৰ। তাৰ কাণ্ড-কাৰখানা দেখিলে ত্রাহি মধুসূদন সুঁৱৰিব লাগে। কোনেও একো ক'বই নােৱাৰে, টেপেৰকৈ উত্তৰটো দিব। মুখৰ আগত উত্তৰ থাকিবই। তাৰপৰা কোনো হাৰি যাব নোৱাৰে। উত্তৰবােৰাে অদ্ভুত দিয়ে। একেবাৰে আগ-খাৰণী যেন। সিদিনাৰ কথাটোৱে চোৱাচোন। আমি শীত-তাপ কিহেৰে অনুভৱ কৰোঁ?’ শিক্ষকৰ কথা শেষেই নহ’ল। বিভৱৰ উত্তৰ গলেই— “ ‘লেপে’ৰে ছাৰ!” পঢ়াতাে অৱশ্যে সি বৰ বেয়া নহয়। প্রথম, দ্বিতীয়, তৃতীয় নহ'লেও চতুর্থ, পঞ্চম প্রতিবাৰেই হৈ আহিছে। ছবি আঁকাত হাত তাৰ বৰ ভাল। ৰং-তুলিকা নহ'লেও কেৱল কাঠ-পেনছিলেৰেই সি ছবি বৰ ভালকৈ আঁকিব পাৰে। কিন্তু টটাটিঙা স্বভাৱটোৱেহে লগ এৰা নাই। দুটামান নমুনা দিলেই বুজিব পাৰিবা।  এদিন কলিতা ছাৰে ছয়মাহিলি পৰীক্ষাৰ ছবি অঁকাৰ বহী ৰােল নম্বৰ মতে ছাত্র-ছাত্রীসকলক নম্বৰসহ ঘূৰাই দি আছে। এক, দুই, তিনি, পাঁচ, ছয়...। নাই বিভৱক মতা নাই। কিন্তু সিতাে ছবি আঁকা বিষয়ত পৰীক্ষা দিছে! উৱা কি কথা!  শেষত কলিতা ছাৰে ক'লে,- “বিভৱ।”  -“ছাৰ।”  -“চাওঁ, এইফালে আহা। মই জানাে, তােমাৰ ছবি বৰ ভাল। বছৰেকীয়া পৰীক্ষাত ছবি আঁকাত তুমিয়েই...

অসমীয়া কৌতুক_হাহিঁৰ ৰহঘৰা

Image
অসমীয়া কৌতুক: Assamese Jokes কৌতুক অসমীয়া কৌতুক: Assamese Jokes 😁 বিদেশত ল’ৰা পঢ়োওৱা বৰুৱা আৰু শইকীয়াই ল’ৰাৰ পঢ়া-শুনাক লৈ আলােচনা কৰিছে- বৰুৱা: জানে শইকীয়া, ল’ৰাটোৱে চিঠি দিলেই মােৰ ভয়েই লাগে। চিঠি পঢ়িবলৈ অভিধান চাব লাগে। শইকীয়া: সেইটো কি ডাঙৰ কথা? ভালহে, নতুন শব্দ শিকিবলৈ সুবিধা পায়। আমাৰ ল'ৰাৰ চিঠি আহিলেতো মােৰ চকু কপালত উঠে।  বৰুৱা: কিয়? কি লিখেনাে?  শইকীয়া: প্রতিবাৰেই লিখিব, "দেউতা,মােলৈ টকা বিছ হাজাৰ পঠিয়াই দিব"।  অসমীয়া কৌতুক: Assamese Jokes 😁 যদু আৰু মধুৱে কথা পাতিছে -  যদু: মধু, আমাৰ শইকীয়া ছাৰ বৰ পৰােপকাৰী লােক। তেওঁ মৃত্যুৰ পাছত তেওঁৰ সকলাে সম্পত্তি এখন অনাথ আশ্ৰমত দান দি গৈছে।  মধু: খুব ভাল মানুহ! ক'চোন বাৰু, ছাৰেনাে কি কি সম্পত্তি দি গৈছে? যদু: দুটা ল'ৰা আৰু তিনিজনী ছােৱালী।  অসমীয়া কৌতুক: Assamese Jokes 😁 বুবুল আৰু জয়ন্ত দুয়ােনলে গলে লগা বন্ধু।  বুবুলে এদিন জয়ন্তক বন্ধুত্ব পৰীক্ষা চাবৰ বাবে কলে- বুবুল: জয়ন্ত, মােক টকা কেই হাজাৰমান ধাৰলৈ দিবিনে?  জয়ন্ত: টকাৰে তই কি কৰিবি ?  বুবুল: বহুদিনীয়া চখ এটা আছে। মটৰ...