অসমীয়া কৌতুক Assamese Jokes
অসমীয়া কৌতুক Assamese Jokes
![]() |
অসমীয়া কৌতুক |
অসমীয়া কৌতুক: Assamese Jokes
শিক্ষক: [আব্রাহাম লিংকনৰ বিষয়ে কৈ থকাৰ সময়ত] আব্রাহাম লিংকনে বৰ কষ্ট কৰি ডাঙৰ হৈছিল। দৈনিক সাত মাইল পথ খােজ কাঢ়ি তেওঁ স্কুললৈ গৈছিল ... এতিয়া ল’ৰাহঁত কচোন, পাঠটোৰ পৰা তহঁতে কি শিকিলি?
ভলু: ছাৰ, তেখেতে অলপ সােনকালে উঠি স্কুল বাছ ধৰিবলৈ যােৱাটোৱেই উচিত আছিল।
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
শিক্ষক: ৰাজু, তােৰ হােমৱৰ্কৰ বহীখন ক’ত?
ৰাজু: ছাৰ, স্কুললৈ আহি থাকোতে বৰকৈ বলা বতাহ এজাকে সেইখন উৰুৱাই লৈ গ'ল।
শিক্ষক: [খঙেৰে] কি কলি? আৰু তােৰ স্কুললৈ অহাত পলম হ’ল কেলেই ?
ৰাজু: ছাৰ, সেই বতাহজাক আকৌ উভতি আহিব বুলি ৰৈ আছিলোঁ।
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
শিক্ষক : যদি তােমাৰ হাতত এটকা থাকে আৰু দেউতাৰাৰ ওচৰত তুমি এটকা বিচাৰা, তেতিয়া তােমাৰ হাতত মুঠ কিমান টকা জমা হ'ব?
ছাত্র : এটকা, ছাৰ। শিক্ষক : তুমি এই সামান্য অংকটোও নাজানা ?
ছাত্র : আপুনি মােৰ দেউতাক নাজানে, ছাৰ।
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
শিক্ষক : কোৱাচোন, হিমালয়ৰ উচ্চতা কিমান।
বিপুল : [অলপ সময় পাছত] চাৰে চাৰি ছেণ্টিমিটাৰ।
শিক্ষক : কি? কেনেকৈ জানিলা ?
বিপুল : ছাৰ, এইমাত্র ভূচিত্ৰাৱলীৰ পৰা জুখি ললোঁ।
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
গৰম বন্ধৰ পাছত, স্কুল খােলাৰ সময়ত ইংৰাজী শ্ৰেণীত বিষয় শিক্ষকে অতুলক সুধিলে-
শিক্ষক : এইবাৰৰ বন্ধত মাৰা-দেউতাৰাৰ সৈতে ফুৰিবলৈ তুমি ক'লৈ গৈছিলা?
অতুল: [টপৰাই] তিৰুৱনন্তপুৰমলৈ।
উত্তৰ শুনিয়েই শিক্ষকে সুধিলে।
শিক্ষক : ঠিক আছে বাৰু, এইবাৰ ঠাইখনৰ বানানটো ইংৰাজীত কোৱাচোন!
অতুল: ছাৰ, আচলতে এইবাৰ আমি পুৰীলৈহে গৈছিলোঁ।
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
বুৰঞ্জীৰ শ্ৰেণী চলি আছে। এজন ছাত্র মাজতে ওলাই গ'ল। ভালেমান বেলিৰ পাছত সি উভতি আহিল।
ছাত্র : ছাৰ, সােমাব পাৰোনে?
শিক্ষক : তই কেতিয়া ওলাই গৈছিলি, মনত আছেনে?
ছাত্র : আছে, ছাৰ। পাণিপথৰ দ্বিতীয় যুদ্ধৰ ঠিক পাঁচ মিনিট পাছত।
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
শিক্ষক: ৰতন কোৱাচোন, গছৰ ছালক ইংৰাজীত কি বােলা হয় ?
ৰতন: নাজানাে, ছাৰ।
শিক্ষক: বার্ক, ৰতন বার্ক।
ৰতন: ভৌ-ভৌ-ভৌ-ভৌ-
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
হৰেণ অফিচলৈ আহি পোনেই বচৰ কোঠাত সোমাই কলে-
"মোৰ দৰমহা বঢ়াবই লাগিব। মোৰ পাছত তিনিটাকৈ কোম্পানী লাগি আছে।"
বচ্: হয় নেকি? কোন কোন কোম্পানী লাগি আছে শুনোচোন বাৰু।
হৰেণ: ইলেকট্রিক, মোবাইল ফোনৰ আৰু গেছৰ কোম্পানী।
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
পুতেকে কৃপন দেউতাকক কৈছে-
মই দূৰৰ বস্তু একেবাৰে নেদেখা হৈছো। চশমা এযোৰ কৰাই দিয়ক।
আকাশলৈ আঙুলি টোৱাই দেউতাকে পুতেকক সুধিলে-
সেইটো কি কচোন?
পুতেকে উত্তৰ দিলে- "জোন"
দেউতাক- তই আৰু কিমান দূৰলৈ চাব খোজ কচোন বোপাই?
অসমীয়া কৌতুক: Assamese Jokes
*****
অসমীয়া কৌতুক: Assamese Jokes
Comments
Post a Comment