চিকাৰী বন্যপ্রাণীৰ জগত||চিকাৰী জন্তু wild animals
চিকাৰী বন্যপ্রাণীৰ জগত||চিকাৰী জন্তু wild animals
বনৰীয়া কুকুৰ :
ৰেকুন:
ৰেকুন (Raccoon) নামৰ এবিধ বনৰীয়া সৰু কুকুৰৰ প্রজাতি আছে। পূব ছাইবেৰিয়া, জাপান আৰু এছিয়া মহাদেশৰে আৰু কিছুমান অঞ্চলত পােৱা এইজাত কুকুৰৰ মুখখন কলচীয়া, নাকটো জোঙা আৰু কাণ দুখন ঘূৰণীয়া। ৰেকুন নামৰ প্রাণীবিধৰে সাদৃশ্য থকা বাবেই ইহঁতক Raccoon Dog বােলা হয়। নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰি মাহলৈ শীতকালটো ইহঁতৰ শীতনিদ্ৰাৰ সময় (Hibernation)। ইহঁতে ভেকুলী, জেঠী, ভিন ভিন চৰাই আৰু অন্যান্য সৰু-সুৰা কীট-পতংগ ধৰি খায়। বিভিন্ন প্রজাতিৰ ঘাঁহ বনাে ইহঁতৰ প্রিয় খাদ্য। গােটেই গাটো ডাঠ মুগাবৰণীয়া নােমেৰে আৱৰা কুকুৰবিধ দেখাত খুবেই ধুনীয়া।
বুশ্ব ডগ:
বুশ্ব ডগ (Bush Dog) নামৰ অইন এজাতি কুকুৰৰ প্ৰজাতিৰ ঠেংবােৰ চুটি-চুটি আৰু ইহঁতৰ নেজড়ালাে নিচেই সৰু। আচৰিত যেন লাগিলেও ইহঁতৰ ঠেঙৰ পতা যােৰা লগা, যাৰ সহায়ত ইহঁতে পানীত সুন্দৰকৈ সাতুঁৰি যােৱাৰ লগতে মাছ আদি জলজ প্রাণী সহজেই ধৰি খাব পাৰে। ইহঁতে মাটিৰ তলৰ গাত, নাইবা গছৰ খােৰােঙত বাস কৰে।
ডিংগো:
অষ্ট্রেলিয়াত পােৱা এজাতি বনৰীয়া কুকুৰৰ নাম হৈছে ডিংগাে (Dingoe)। অতি দ্রুতগতিৰে দৌৰিব পৰা এইজাত কুকুৰে কেংগাৰু, ভেড়া আদি চিকাৰ কৰে। মঙহেই ইহঁতৰ প্রিয় খাদ্য যদিও বিভিন্ন তৰহৰ সৰু-সুৰা গছৰ পাতাে ইহঁতে খায়। প্রয়ােজনবােধে ইহঁতে ভিন-ভিন গছৰ গুটিও খােৱা দেখা যায়। ইহঁতে ৰাতিৰ ভাগত চিকাৰ কৰে।
ধোলে:
ধােলে (Dhole) নামৰ কুকুৰবিধ হৈছে এছিয়া মহাদেশৰ বনৰীয়া কুকুৰৰ প্রজাতি। ইহঁতে দল বান্ধি চিকাৰ কৰে। অন্য বনৰীয়া কুকুৰৰ প্রজাতিৰ তুলনাত ইহঁত ভালেমান ক্ষেত্ৰত বেলেগ। তাৰে প্ৰথমটো লেখত ল'বলগীয়া ভিন্নতা হৈছে ইহঁতৰ সুতীব্র সুহুৰি। অৰণ্যৰ মাজত চিকাৰ কৰি ফুৰাৰ সময়ত কোনােবা এটা দলৰ পৰা ফালৰি কাটি গলে, নতুবা অকস্মাতে নতুন চিকাৰ এটা সমুখত আহি পৰিলে ইহঁতে এই সুহুৰিৰ দ্বাৰা ইটোৱে-সিটোৰ সৈতে সংযােগ স্থাপন কৰে। ইহঁতে দিনৰ ভাগত চিকাৰ কৰে। চিকাৰ কৰাৰ আগেয়ে দলৰ আটাইকেইটা কিছু মুকলি অঞ্চলত গােট খায়, নিজৰ ভাষাৰে কথা-বতৰা পাতে আৰু তাৰ পাছত নিজ-নিজ দিশে আগবাঢ়ে। ইহঁতৰ প্রিয় খাদ্য হৈছে এক্সিছ ডিয়েৰ (Axis deer) নামৰ এজাতি হৰিণ। অৱশ্যে, সময়ত ইহঁতে ভয়ংকৰ প্ৰকৃতিৰ বনৰীয়া গাহৰিকো আক্রমণ কৰে।
আফ্রিকাৰ বনৰীয়া কুকুৰ:
আফ্রিকাৰ বনৰীয়া কুকুৰবিধ মহাদেশখনৰ পূব অঞ্চলৰ বাসিন্দা। দেহত মুগাবৰণীয়া নােমৰ মাজে-মাজে ক’লা চমকা- চমকি দাগ থাকে। ইহঁতৰ কাণবােৰ দেখাত বাদুলিৰ কাণৰ লেখীয়া। নেজৰ একেবাৰে শেষৰ এটা অংশ বগা নােমেৰে আৱৰা। এই কুকুৰবােৰে সচৰাচৰ হৰিণৰ বিভিন্ন প্রজাতি চিকাৰ কৰে যদিও সময় বুজি বনৰীয়া গাহৰি, বনৰীয়া ম'হ, নানা তৰহৰ চৰায়াে আক্রমণ কৰে। ইহঁতেও দল বান্ধি চিকাৰ কৰে, অৱশ্যে, পােনতে অভিজ্ঞ চিকাৰী কুকুৰবােৰে চিকাৰটো আক্ৰমণ কৰে। পাছত, সিহঁতৰ ভাগৰ লাগিলে দলটোৰ বাকী কুকুৰবােৰে গৈ চিকাৰত ভাগ লয়গৈ।
বাঘ :
চিকাৰী বন্যপ্রাণীবােৰৰ ভিতৰত বাঘেই হৈছে আটাইতকৈ হিংস্র প্রাণী। মেকুৰী পৰিয়ালৰ আটাইতকৈ ডাঙৰ হিচাপে জনাজাত বাঘৰ মুঠ ছটা প্রজাতি আছে। বাংলাদেশ, ভূটান, ব্রহ্মদেশ, চীন, ভাৰত আৰু নেপালত পােৱা প্রজাতিটোৰ নাম ৰয়েল বেংগল টাইগাৰ। মূলতঃ ৰাছিয়াৰ পূৰ্বাঞ্চলৰ বার্চ গছেৰে ভৰা অঞ্চলত থকা বাঘবিধক ছাইবেৰিয়ান বাঘ বােলা হয়। চীন আৰু উত্তৰ কোৰিয়াতে কিছুসংখ্যক এনে বাঘ দেখা যায়। পাতল ৰঙচুৱা-মুগা নােমেৰে আৱৰা ইহঁতৰ শৰীৰত ক'লাক’লা আঁক থাকে। বুকু আৰু পেটৰ নােমবােৰ বগা। ডিঙিৰ চৰিওকাষে ঘূৰণীয়াকৈ বগা এশাৰী নােম আছে। বাঘে চিকাৰ কৰা বিভিন্ন প্রাণীবােৰ হৈছে – হৰিণ, বনৰীয়া গাহৰি, বান্দৰ, গৰু, ম'হ আদি। বাঘে চিকাৰ কৰিবলৈ বাচি লােৱা নির্দিষ্ট এলেকাটোৰ চাৰিসীমাত প্ৰস্ৰাৱ কৰি লােৱাৰ লগতে তাত থকা গছবােৰত নখেৰে আঁচুৰি চিন দি থয়। ইহঁতে বৰ ভালকৈ সাঁতুৰিবও পাৰে। গাত থকা কলা-ক’লা আঁকবােৰৰ বাবে ইহঁতে ওচৰ-পাজৰৰ ওখ-ওখ ঘাঁহ-বনবােৰৰ সৈতে মিলি গৈ চিকাৰ কৰিব বিচৰা প্রাণীটোৰ বহু ওচৰলৈকে যাব পাৰে। সচৰাচৰ সূর্যোদয় আৰু সূর্যাস্তৰ সময়ত ইহঁতে চিকাৰ কৰে। চিকাৰৰ বাবে বাচি লােৱা প্রাণীটোক ইহঁতে পিছফালৰ পৰা খেদি গৈ গাত জঁপিয়াই পৰে আৰু তাৰ গলত কামােৰ মাৰি ধৰে। প্রাণীটো মৰাৰ পাছত ইহঁতে তাক ওচৰৰে নিৰাপদ ঠাই এডােখৰলৈ কঢ়িয়াই নিয়ে আৰু খাবলৈ লয়। বধ কৰা জন্তুটো আকাৰত ডাঙৰ হ'লে ই কেইবাদিনলৈ তাৰ মঙহ খাই থাকিব পাৰে।
সিংহ :
![]() |
সিংহ |
সিংহ মূলত আফ্রিকা আৰু ভাৰতৰ বাসিন্দা । সিংহ হৈছে মেকুৰী পৰিয়ালৰ অইন এজাত ৰাজকীয় প্রাণী। ইহঁত সামাজিক প্রাণী। দল বান্ধি বাস কৰা সিংহবােৰে একেলগে গােট খাই চিকাৰ কৰে। সেইবাবে, পৰিয়ালৰ সকলাে সদস্যৰ বাবে ইহঁতে এবাৰতে যথেষ্ট মঙহ গােট খুৱাই ল'ব পাৰে। সাধাৰণতে ৰাতি আৰু প্রয়ােজনবােধে তেনেই পুৱাতে ইহঁতে চিকাৰ কৰে। ইহঁতে বৰ বেগাই দৌৰিব নােৱাৰে, কিন্তু ইহঁতে চিকাৰ কৰা প্ৰাণীবােৰ আকৌ প্রাণীজগতৰ খুবেই দ্রুতগতিৰ প্রাণী। সেইবাবে, ইহঁতে চিকাৰ কৰিবলৈ দুটা পদ্ধতি অবলম্বন কৰে। প্ৰথমটোত, বিভিন্ন তৰহৰ ঘাঁহ আৰু জোপােহাৰ মাজেৰে ঠাই সলাই-সলাই ইহঁতে চিকাৰটোক অনুসৰণ কৰে আৰু শেষত দ্রুতবেগেৰে তাৰ ওপৰত জঁপিয়াই পৰে। তাৰেই মাজতে চিকাৰটোৱে যদিহে। তাক দেখা পায়, তেন্তে সি ঠাইতে বহি পৰে আৰু দূৰলৈ কিবা চাই থকাৰ ভাও জোৰে। দ্বিতীয় পদ্ধতিটোত, জীৱ-জন্তুবােৰে পানী খাবলৈ অহা নির্দিষ্ট এডােখৰ ঠাইৰ ওচৰে-পাঁজৰে থকা গছৰ ওপৰত উঠি ইহঁতে সুবিধাজনক চিকাৰ লক্ষ্য কৰি থাকে আৰু তাক বধ কৰে। পৰিয়ালটোৰ ডেকা সদস্যবােৰে প্রাণী এটা খেদাই আনি অভিজ্ঞ সিংহ একোটাৰ ওচৰ চপাই দিয়ে। এবাৰত পেট ভৰাই মঙহ খাই ল'লে সিংহ একোটা, বা সিংহী এজনীয়ে পছৰ ২৪ ঘণ্টামান শুয়েই কটায়। জাকত চিকাৰ কৰাৰ সময়ত সিংহীবােৰে আগভাগ লয়।
পর্বতীয়া সিংহ :
![]() |
পৰ্বতীয়া সিংহ |
পৰ্বতীয়া সিংহ উত্তৰ আমেৰিকাৰ পার্বত্য অঞ্চলৰ বাসিন্দা। এই সিংহৰ ইংৰাজী নাম Mountain Lion. মার্কিন যুক্তৰাষ্ট্ৰৰ কোনাে-কোনাে অঞ্চলত ইহঁতক Cou- gar আৰু অইন কিছুমান ঠাইত ইহঁতক Puma বুলি কোৱা হয়। বর্ষাৰণ্য, ঘন গছ-বনেৰে ভৰা বনাঞ্চল আৰু মৰুভূমিৰ ওচৰে পাজৰেও ইহঁতক দেখা যায়। ইহঁতে তেনেই সহজতে গছ বগাব পৰাৰ লগতে সাঁতুৰিব পাৰে আৰু ভালেখিনি উচ্চতালৈ জঁপিয়াবও পাৰে। ইহঁতে হৰিণৰ মঙহ খাই বেছি ভাল পায় যদিও সময়ে সময়ে কিছুমান সৰু-সুৰা প্রাণী, যেনে -- শহাপহু, কেঁটেলাপহু, নিগনি আদিও চিকাৰ কৰে। উত্তৰ আমেৰিকাত একেই প্রজাতিৰ আৰু দুবিধ চিকাৰী প্রাণী আছে। সিহঁতৰ নাম হৈছে Lynx আৰু Bobcat. ঘৰচীয়া মেকুৰীতকৈ ববকেটবােৰ আকাৰত বেছি ডাঙৰ।
*******
Comments
Post a Comment