বিভৱৰ মহা দুষ্টালিবোৰ-অসমীয়া ধেমেলীয়া কাহিনী


বিভৱৰ মহা দুষ্টালিবোৰ

বিভৱৰ মহা দুষ্টালিবোৰ love assamese story
বিভৱৰ মহা দুষ্টালিবোৰ


আমাৰ যে বিভৱ। মহা তীখৰ। তাৰ কাণ্ড-কাৰখানা দেখিলে ত্রাহি মধুসূদন সুঁৱৰিব লাগে। কোনেও একো ক'বই নােৱাৰে, টেপেৰকৈ উত্তৰটো দিব। মুখৰ আগত উত্তৰ থাকিবই। তাৰপৰা কোনো হাৰি যাব নোৱাৰে। উত্তৰবােৰাে অদ্ভুত দিয়ে। একেবাৰে আগ-খাৰণী যেন। সিদিনাৰ কথাটোৱে চোৱাচোন। আমি শীত-তাপ কিহেৰে অনুভৱ কৰোঁ?’ শিক্ষকৰ কথা শেষেই নহ’ল। বিভৱৰ উত্তৰ গলেই— “ ‘লেপে’ৰে ছাৰ!” পঢ়াতাে অৱশ্যে সি বৰ বেয়া নহয়। প্রথম, দ্বিতীয়, তৃতীয় নহ'লেও চতুর্থ, পঞ্চম প্রতিবাৰেই হৈ আহিছে। ছবি আঁকাত হাত তাৰ বৰ ভাল। ৰং-তুলিকা নহ'লেও কেৱল কাঠ-পেনছিলেৰেই সি ছবি বৰ ভালকৈ আঁকিব পাৰে। কিন্তু টটাটিঙা স্বভাৱটোৱেহে লগ এৰা নাই। দুটামান নমুনা দিলেই বুজিব পাৰিবা। 

এদিন কলিতা ছাৰে ছয়মাহিলি পৰীক্ষাৰ ছবি অঁকাৰ বহী ৰােল নম্বৰ মতে ছাত্র-ছাত্রীসকলক নম্বৰসহ ঘূৰাই দি আছে। এক, দুই, তিনি, পাঁচ, ছয়...। নাই বিভৱক মতা নাই। কিন্তু সিতাে ছবি আঁকা বিষয়ত পৰীক্ষা দিছে! উৱা কি কথা! 

শেষত কলিতা ছাৰে ক'লে,- “বিভৱ।” 

-“ছাৰ।” 

-“চাওঁ, এইফালে আহা। মই জানাে, তােমাৰ ছবি বৰ ভাল।

বছৰেকীয়া পৰীক্ষাত ছবি আঁকাত তুমিয়েই সর্বোচ্চ নম্বৰ পাই আহিছা। কিন্তু এইবােৰ কি আঁকিছা।” 

-“ছাৰ, ঠিকেই আঁকিছো। প্রশ্নমতেই আঁকিছো ছাৰ।” -“প্রশ্নমতে আঁকিছানে?” 

বিভৱৰ মহা দুষ্টালিবোৰ assamese jokes
প্রথম ছবি


-“হয় ছাৰ! এক নম্বৰ প্রশ্নমতে, এখন হাত থকা চকীৰ ছবি আঁকা। হয় ছাৰ, মই হাতখন ক’ত থম ভাবি নাপাই চকীখনতে থৈ দিছে ছাৰ।” 


“আৰু দুই নম্বৰ প্রশ্নমতে কি আকিছা? কেৱল আমৰ পাতবােৰহে। আকি থৈছা দেখােন।” 

বিভৱৰ মহা দুষ্টালিবোৰ assamese jokes
দ্বিতীয় ছবি


“ছাৰ, প্রশ্নমতে, পাতেৰে সৈতে এটা আমৰ ছবি আঁকা। মই ছাৰ পাত কিমান দিম ভাবি-গুণি অলপ বেছিকৈয়ে দি দিলাে। আকৌ কিছুমান আম পাতৰ তলত লুকাই থকা বাবে আমটো অকণমানহে চকুত পৰাকৈ দিছে ছাৰ। আপুনি বােধকৰোঁ ভালকৈ চোৱাই নাই ছাৰ!” 


- সংগ্রহীত

Comments