চিকাৰী বন্যপ্রাণী||চিকাৰ কৰা বিভিন্ন জন্তু||Wild Animals
চিকাৰী বন্যপ্রাণী||চিকাৰ কৰা বিভিন্ন জন্তু||Wild Animals
![]() |
চিকাৰ কৰা বিভিন্ন জন্তু |
জাগুৱাৰ Jaguar
জাগুৱাৰ (Jaguar) নামৰ প্রাণীবিধ দেখাত নাহৰফুটুকীৰ লেখীয়াই, কিন্তু আকাৰত ভালেখিনি ডাঙৰ। ইহঁতে সুন্দৰকৈ সাঁতুৰিব পৰাৰ লগতে গছ বগােৱাতাে বৰ পটু। পানীত নামি ইহঁতে নেজডালেৰে পানীৰ এঠাইত খল- খলকৈ শব্দ কৰিবলৈ ধৰে। মাছবােৰে সেই শব্দ শুনি ওচৰ চাপি আহিলে, হাতােৰাৰ একোটা প্রচণ্ড চাবেৰে ইহঁতে মাছবােৰক পাৰৰ মাটিলৈ দলিয়াই দিয়ে। ইহঁতে অৰণ্যত যিকোনাে ধৰণৰ প্রাণীকে আক্রমণ কৰে। আনকি বালিত ৰ'দ পুঁৱাই থকা সৰু বৰ বিভিন্ন আকৃতিৰ কাছও ইহঁতৰ চিকাৰ হয়গৈ।
নাহৰফুটুকী বাঘ Leopard
নাহৰফুটুকী বাঘক ইংৰাজীত Leopard বােলা হয়। বিশ্বৰ সৰহভাগ নাহৰফুটুকী দক্ষিণ আফ্রিকা আৰু দক্ষিণ-পূর্ব এছিয়াত পােৱা যায়। অৰণ্য অঞ্চলৰ লগতে পর্বত্য অঞ্চলতাে নাহৰফুটুকী বাঘ দেখা যায়। অইন বাঘ বা সিংহৰ তুলনাত ইহঁতৰ আকাৰ ৫০ শতাংশ সৰু। কিন্তু আকাৰত সৰু হলেও তীব্র ঘ্রাণশক্তি আৰু চিকাৰ ধৰাৰ কৌশলৰ বাবে ইহঁতে নিজৰ ওজনৰ তিনিগুণতকৈও বেছি ওজনৰ জন্তু চিকাৰ কৰিব পাৰে।। নহৰফুটুকীবােৰে জীৱনৰ ভালেখিনি সময় গছৰ ওপৰত কটায়। পােৱালিবােৰকো ইহঁতে নিৰাপদে ৰখাৰ বাবে গছৰ ওপৰত তুলি থয়। তেনেই সৰুৰে পৰা পােৱালিবােৰে গছ বগাবলৈ শিকে। চিকাৰ কৰা প্রাণীটোক সিহঁতে গছৰ ওপৰলৈ তুলি নিয়ে আৰু ফেৰেঙণিত থৈ আৰমেৰে খায়। সৰু-সুৰা চৰাই আৰু নিগনি আদিক ইহঁতে হাতােৰাৰ একেটা চাবতে মাৰি পেলাব পাৰে। মধ্য-এছিয়াৰ পার্বত্য অঞ্চলৰ বৰফত বাস কৰা এজাত নাহৰফুটুকীক স্ন’ লেপার্ড (Snow Leopard) বােলা হয়। পাতল মুগাবৰণীয়া নােমেৰে আৱৰা ছালখনৰ বাবে দেখাত অতি সুন্দৰ প্রাণীবিধ মানুহৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে।
চিতা
চিতা নামৰ সুন্দৰ প্রাণীবিধ চিকাৰ কৰাত খুবেই পটু। বেছিভাগ চিতাৰ বাসস্থান হৈছে পূব আৰু দক্ষিণ- পশ্চিম আফ্রিকা। বিশ্বৰ ভূমিখন্ডত থকা স্তন্যপায়ী প্রাণীবােৰৰ ভিতৰত ইয়েই আটাইতকৈ দ্ৰুতবেগী প্রাণী। তীব্র গতিৰে দৌৰি ধকাৰ মাজতে ই ঘপহকৈ ৰৈ অন্য দিশে দৌৰিবও পাৰে। দিনৰ ভাগতে চিকাৰ কৰা চিতাৰ দৃষ্টিশক্তি খুবেই প্রখৰ। প্রথমে ই চিকাৰটোৰ যিমান সম্ভব ওচৰলৈ যায় আৰু তাৰ পাছত প্ৰচণ্ড বেগে দৌৰি গৈ তাক আক্ৰমণ কৰে। প্ৰাণী এটা বধ কৰাৰ পাছত ই ছাঁ থকা অঞ্চললৈ তাৰ মৃতদেহটো টানি লৈ যায়। চিতাৰ মাইকীবােৰে পােৱালিহঁতক নিচেই সৰুৰে পৰা চিকাৰ ধৰাৰ কৌশল শিকায়। হৰিণৰ সৰু পােৱালি একোটাহঁত জীয়াই-জীয়াই ধৰি আনি মাকবােৰে পােৱালিবােৰৰ সমুখত মেলি দিয়েহি, যাতে পােৱালিবোৰে চিকাৰ কৰাৰ কৌশলবােৰ শিকি ল'ব পাৰে। ইহঁতে সচৰাচৰ বিভিন্ন তৰহৰ হৰিণা, ৱাইল্ডবিষ্ট (Wildebeest), শহাপহু, সৰু-সুৰা চৰাই আদি চিকাৰ কৰে।
ঘােং
চীন, ম্যানমাৰ, নেপাল আৰু অসমত পােৱা ঘােং নামৰ প্রাণীবিধক ইংৰাজীত Black Panther বােলা হয়। দৰাচলতে ইঁহতবােৰ হৈছে কলা নাহৰফুটুকী। অৱশ্যে নাহৰফুটুকী বাঘৰ গাত থকা উজ্জ্বল চকৰবােৰৰ সলনি ইহঁতৰ সমস্ত শৰীৰ চিকামিকাই থকা কলা নােমেৰে আৱৰা। চিকাৰ কৰাত এইবিধ প্রাণীও খুবেই পাকৈত। বিভিন্ন প্রজাতিৰ হৰিণা, বনৰীয়া গাহৰি আদি ইহঁতে প্রধানকৈ চিকাৰ কৰে। অৱশ্যে, মাজে-সময়ে ইহঁতে শহাপহু আৰু এইজাতীয় অন্যান্য প্রাণীও চিকাৰ কৰি খায়।
শিয়াল
ৰঙচুৱা-মুগা বৰণৰ আমি সচৰাচৰ জনা শিয়ালৰ বিভিন্ন প্রজাতি সমগ্র বিশ্বতে সিঁচৰিত হৈ আছে। ইয়াৰে মাজত পৃথিৱীৰ আটাইতকৈ সৰু শিয়ালৰ প্রজাতিটোৰ নাম হৈছে ফেনেক ফক্স (Fennec Fox)। ইহঁতৰ দেহৰ দৈর্ঘ্য সচৰাচৰ ৩৫ৰ পৰা ৪৩ ছে. মি. আৰু ওজন সর্বাধিক ১.৫ কিল’গ্রাম পােৱা গৈছে। দুখন প্রকাণ্ড কাণৰ গৰাকী শিয়ালবিধে মাটিত গাঁত খান্দি বাস কৰে আৰু ৰাতিৰ ভাগত চিকাৰলৈ ওলায়। নিগনি, সৰু-সুৰা চৰাই বিভিন্ন কীট আৰু জেঠীজাতীয় প্রাণী ইহঁতৰ খাদ্য। অতিকৈ বুধিয়ক এই শিয়ালবােৰে প্ৰয়ােজনত মৰাৰ ভাও জুৰি পৰি থাকে। চিকাৰটো নির্ভয়ে আহি ওচৰ চাপিলে ই ঘপহকৈ তাক ধৰি পেলায়। Swift Fox নামৰ আৰু এজাতি দ্রুতবেগী শিয়াল উত্তৰ আমেৰিকাৰ বাসিন্দা। ইপিনে, বিভিন্ন তৰহৰ মাছ, সৰু-সুৰা সাপ, চৰাই, ভেকুলী আৰু প্ৰধানকৈ কেঁকোৰা খােৱা দক্ষিণ আমেৰিকাৰ বাসিন্দা অইন এজাত শিয়ালৰ নাম হৈছে Crab eating Fox, যাকে আমি কেঁকোৰা খােৱা শিয়াল বুলি কওঁ। শিয়ালৰ আৰু কেইটামান প্রজাতিৰ নাম হৈছে। ব্লানফ’র্ড’ছ ফক্স (Blanford's Fox), কাল্পিঅ' ফক্স (Culpeo Fox), আর্কটিক ফক্স (Artcic Fox), ৰেড sposo (Red Fox), cat' posa (Grey Fox) 0718 বাদুলীকণীয়া ফক্স (Bat-eared Fox)। ইয়াৰে বাদুলীকণীয়া শিয়ালবিধৰ শ্ৰৱণশক্তি খুবেই প্ৰখৰ। ইহঁতে আনকি মাটিৰ তলত বিভিন্ন কীটৰ পলুবােৰ লৰচৰ কৰা শব্দও শুনা পায় আৰু নখেৰে আঁচুৰি-আঁচুৰি সেই পলুবােৰ সিহঁতে ধৰি খায়।
Comments
Post a Comment