জীৱনৰ বাটত নতুন প্রেৰণা-অসমীয়া কাহিনী

জীৱনৰ বাটত নতুন প্রেৰণা

জীৱনৰ বাটত নতুন প্রেৰণা, অসমীয়া কাহিনী, ব্লগ
জীৱনৰ বাটত নতুন প্রেৰণা


কোনােবা এখনি গাওঁ। আজিৰ পৰা প্রায় ২০ বছৰ মানৰ আগৰ কথা। যত যান্ত্রিকতাই মুখ দেখা নাই। তাতেই বাস কৰিছিল প্ৰেৰণা নামৰ মৰম লগা ছোৱালীজনী। দেখাত সহজ-সৰল, নম্র। মুখত এটি মিচিকীয়া হাঁহি। অফুৰন্ত ভাববেদনাক বুকুত বান্ধি আজিও আগুৱাই গৈ আছে নিজ লক্ষ্যৰ দিশে। হেৰুৱাই পেলােৱা নাই তাইৰ আশা, তাইৰ বিশ্বাস। সৰুতেই মাক-দেউতাকক হেৰুৱাৰ কাৰণটোৱেই তাইৰ আজি দুখ। আইতাকেই তাইক তাইৰ জীৱনৰ বাট দেখুৱাইছিল। 

কিন্তু, দুর্ভগীয়া আইতাকেও তাইক এদিন এই সংসাৰত এৰি তাইক নিঠৰুৱা কৰি থৈ গ'ল। তাইৰ আজি কোনােয়েই নাই। তাইৰ দুখ ইয়াতেই। কিন্তু, যিমানদিন আইতাক জীয়াই আছিল, সেইকেইদিনত তাই আইতাকৰপৰা বহুত জ্ঞান লাভ কৰিব পাৰিলে। আইতাকে তাইক শিক্ষাও দিয়ালে। 


তাইৰ ভদ্রতা, সৰলতা এই সকলােবােৰ আইতাকেই দিয়া সম্বল। তাইৰ বাবে আইতাকেই তাইৰ মাতৃস্বৰূপ আছিল। আইতাকৰ মৃত্যুৰ পিছত তাই জীৱন- নির্বাহ কৰিবৰ বাবে ঘৰে ঘৰে গৈ কাম কৰি দুপইচা অর্জন কৰি দুবেলা দুমুঠি খাইছিল। এনেকৈয়ে তাইৰ জীৱনটো অতিবাহিত হৈছিল। তাই মাজে সময়ে শিক্ষাক কেন্দ্ৰ কৰি কবিতা, গল্প আদি লিখিবলৈ আৰম্ভ কৰিলে। কিন্তু, গাঁৱত এনে আগ্রহী ছােৱালী কোনাে নাই আৰু তাইও এই সুপ্ত প্রতিভা গাঁৱত থকাৰ বাবেই প্রকাশ কৰিব নোৱাৰিলে। 


কিন্তু, এদিন নগৰৰ পৰা যােৱা শিক্ষা- সন্ধানী দল এটাৰ পৰা তাই পালে এনে সুযােগ। এই সুযােগ তাইৰ সুপ্ত প্রতিভা বিকাশত সহায় কৰিলে। তাইৰ প্ৰতিভাত সকলাে মুগ্ধ হ’ল। আনকি আচৰিতো হল। এনে প্রতিভাৰাজি গুণদেখি তাইক সকলােৱে প্রশংসা কৰিবলৈ ধৰিলে। ইয়াৰ দ্বাৰা তাইৰ সুপ্ত প্রতিভা বিকাশ হ’ল। তাইৰ আগ্রহীকতাক দেখি গাঁৱৰ আন ল'ৰা-ছােৱালীও শিক্ষাৰ প্ৰতি মনােযােগ দিলে। তাই গাওঁখনিলৈ শিক্ষাৰ পােহৰ আনি দিলে। 

তাই ইয়াকে প্রকাশ কৰি দিলে যে মানুহ সফলগামী হ’বলৈ প্রথমে লাগিব মন। যিহেতু, মন থাকিলেহে চন হয়। নানা বাধা অতিক্রম কৰি এনে সােণালী সুযােগৰ পােহৰ পাই প্রেৰণা অতি সুখী হ’ল। এনে আগ্রহীকতা দেখি শিক্ষা সন্ধানী দলটোৱে তাইক পঢ়িবলৈ সা-সুবিধা কৰি দিলে। এনে ক্ষণতে তাইৰ মনত পৰিছে, তাইক জন্ম দিয়া মাক-দেউতাকলৈ আৰু অতিকৈ মনত পৰিছে জীৱনৰ বাট দেখুৱাই দিয়া মৰমৰ আইতাকলৈ ......। 




Assamese Moral story||Mayuri Gohain||Assamese short Story

Comments

  1. really like ur post i have also a webisite...bownprinkwl@gmail.com plz msg me soon

    ReplyDelete

Post a Comment

Popular posts from this blog

১৫০টা মহৎ লোকৰ বাণী||মহৎ লোক আৰু বাণী||জানিবলগীয়া কথা

অসমীয়া কৌতুক Assamese Jokes

এ পি জে আব্দুল কালামৰ মহৎ উপদেশ বাণী APJ Abdul kalam quotes great thoughts status image