বিশ্বৰ জানিবলগীয়া বহু আচৰিত কথা আপোনালোকে জানেনে?
বিশ্বৰ জানিবলগীয়া বহু আচৰিত কথা আপোনালোকে জানেনে?
![]() |
আপোনালোকে জানেনে |
Assamese facts
১. এজন প্রাপ্তবয়স্ক লােকৰ শৰীৰত ২ ৰ পৰা ৯ পাউণ্ড বেক্টেৰিয়া থাকে।
২. নীলা তিমি মাছৰ হৃদপিণ্ডৰ আকাৰ এখন সৰু গাড়ীৰ সমান আৰু ইয়াৰ ধমনীৰ মাজেৰে মানুহ সৰকি যাব পাৰে।
৩. চাৰি বছৰীয়া শিশু এটাই গড়ে দিনে ৪০০ প্রশ্ন সােধে।
৪. পৃথিৱীত থকা সমূহ পৰুৱাৰ ওজন পৃথিৱীত থকা সমূহ মানুহৰ ওজনতকৈ অধিক।
Assamese facts
৫. মানুহৰ জীৱনৰ ১০ শতাংশ সময় চকু পিৰিকিওতে (মুদা চকুৰে) পাৰ হয়।
৬. শীতল কোঠা বা শীতকালত ভয় লগা সপােন দেখাৰ সম্ভাৱনা বেছি।
৭. বিখ্যাত গ্রীক গণিতজ্ঞ পাইথাগােৰাছে প্রাচীন অলিম্পিক খেলত বক্সিং খেলুৱৈ হিচাপে অংশ লৈছিল।
৮. কার্যালয়ত কৰ্মৰত প্ৰতিজন কর্মচাৰীয়ে গড় হিচাপে প্রতিদিনে হেৰুওৱা ফাইল বা আন বস্তু বিচাৰি ৫০ মিনিট সময় খৰচ কৰে।
Assamese facts
৯. কলত এনেকুৱা এবিধ পদার্থ থাকে, যিটো খালে মনটো ভাল লাগে।
১০. পৃথিবীৰ মাছৰ সৰ্ববৃহৎ পাইকাৰী বজাৰখন হৈছে টকিঅ'ৰ 'সুকিজি মাৰ্কেট'।
১১. কেৰ্কেটুৱাই পিছত খাবলৈ মাটিত পুতি থোৱা গুটিবোৰৰ কথা প্ৰায়েই পাহৰি যায় আৰু তাৰ ফলত নতুন গছ গজি উঠে।
১২. পৃথিবীত যিমান ধৰণৰ ফুল ফুলে তাৰ শতকৰা ৯০ ভাগৰেই গোন্ধ নাই।
Assamese facts
১৩. প্ৰত্যেক প্ৰজাতিৰ ফৰিঙৰ একোটা নিজস্ব গাণ আছে। মাইকী ফৰিঙে কেৱল মাত্ৰ নিজৰ প্ৰজাতিৰ ফৰিঙৰ গাণহে শুনে।
১৪. সুমথিৰা গছত প্ৰায় ৬০,০০০ ফুল হলেও ইয়াৰ মাত্র ১% হে ফলত পৰিণত হয়।
১৫. ১০ দিন একেৰাহে উপবাসে থাকিও এজন মানুহ বাচি থাকিব পাৰে। পাছে ১০ দিন একেৰাহে টোপনি নোহোৱাকৈ থাকিলে মানুহৰ মৃত্যু হব পাৰে।
Assamese facts
১৬. হাত ভৰি একো নথকা গছবোৰে সালোক সংশ্লেষণৰ জৰিয়তে প্ৰতি বছৰে প্ৰায় ৩০,০০০ কোটি টন খাদ্য বা শৰ্কৰা প্ৰস্তুত কৰি আছে।
১৭. সমগ্র বিশ্বতে প্রায় ১ বিলিয়ন গৃহপালিত পশু আছে। আৰু ইয়াৰ ভিতৰত কেৱল ভাৰততে আছে প্রায় ২০০ মিলিয়ন।
১৮. বয়স মাত্র তিনি সপ্তাহ হােৱাৰ পৰাই এটা কুকুৰ পােৱালিৰ ঘ্রাণ শক্তিৰ বিকাশ ঘটে।
Comments
Post a Comment