স্মৃতিৰ পাত লুটিয়াই।। অসমীয়া কবিতা

স্মৃতিৰ পাত লুটিয়াই।। অসমীয়া কবিতা।। Assamese Poem by Mayuri Gohain

স্মৃতিৰ পাতবোৰ এখিলা এখিলাকৈ   আজিও লিৰিকি বিদাৰি চাও,
স্মৃতিৰ পাত লুটিয়াই


স্মৃতিৰ পাতবোৰ এখিলা এখিলাকৈ 


আজিও লিৰিকি বিদাৰি চাও, 


জানোচা ঘূৰাই পাওঁ নিজক, 


জানোচা ঘূৰাই পাওঁ 


মোৰ সেই হেৰাই যোৱা সপোন বোৰ, 


জানোচা ঘুৰাই পাওঁ সোণোৱালী শৈশৱবোৰ, 


সমনীয়াৰ সৈতে কটোৱা ৰং ধেমালীবোৰ, 


নানাৰঙী আশা বোৰ


আৰু কত' আবেগসনা সময় বোৰ... 


যান্ত্রিকতাই ঢুকি নোপোৱা সেই তাহানিৰ দিনবোৰ


বৰ মধুৰময় আছিল, ঠিক আজিৰ দৰে নাছিল


সময়ৰ গতিশীলতাই যেন সকলোকে ঢোই নিলে, 


উটুৱাই নিলে জীৱনৰ ৰঙীণতা, 


যি ৰঙীণতা প্রকৃতিৰ সৈতে 


বিনিময় পথাৰে শুভাষীত কৰিছিল


প্রকৃতিয়ে সৰ্বস্ৰ, সৰ্বেসৰ্বা আছিল


এতিয়া যেন সকলোকে যান্ত্রিকতাই গ্ৰাস কৰিলে, 


গ্ৰাস কৰি পেলালে জীৱনৰ প্ৰকৃত মায়াজনীক


অনুভবে কয়


সকলো যেন এতিয়া যান্ত্রিকতাৰ গহবৰত বিলিন হৈছে


সময়ৰ সোতেঁ সোতেঁ... । 



~ ময়ুৰী গোঁহাই

Comments

Popular posts from this blog

১৫০টা মহৎ লোকৰ বাণী||মহৎ লোক আৰু বাণী||জানিবলগীয়া কথা

অসমীয়া কৌতুক Assamese Jokes

এ পি জে আব্দুল কালামৰ মহৎ উপদেশ বাণী APJ Abdul kalam quotes great thoughts status image