অসমীয়া কৌতুক_হাহিঁৰ ৰহঘৰা
অসমীয়া কৌতুক: Assamese Jokes
![]() |
কৌতুক |
অসমীয়া কৌতুক: Assamese Jokes
😁
বিদেশত ল’ৰা পঢ়োওৱা বৰুৱা আৰু শইকীয়াই ল’ৰাৰ পঢ়া-শুনাক লৈ আলােচনা কৰিছে-
বৰুৱা: জানে শইকীয়া, ল’ৰাটোৱে চিঠি দিলেই মােৰ ভয়েই লাগে। চিঠি পঢ়িবলৈ অভিধান চাব লাগে।
শইকীয়া: সেইটো কি ডাঙৰ কথা? ভালহে, নতুন শব্দ শিকিবলৈ সুবিধা পায়। আমাৰ ল'ৰাৰ চিঠি আহিলেতো মােৰ চকু কপালত উঠে।
বৰুৱা: কিয়? কি লিখেনাে?
শইকীয়া: প্রতিবাৰেই লিখিব, "দেউতা,মােলৈ টকা বিছ হাজাৰ পঠিয়াই দিব"।
অসমীয়া কৌতুক: Assamese Jokes
😁
যদু আৰু মধুৱে কথা পাতিছে -
যদু: মধু, আমাৰ শইকীয়া ছাৰ বৰ পৰােপকাৰী লােক। তেওঁ মৃত্যুৰ পাছত তেওঁৰ সকলাে সম্পত্তি এখন অনাথ আশ্ৰমত দান দি গৈছে।
মধু: খুব ভাল মানুহ! ক'চোন বাৰু, ছাৰেনাে কি কি সম্পত্তি দি গৈছে?
যদু: দুটা ল'ৰা আৰু তিনিজনী ছােৱালী।
অসমীয়া কৌতুক: Assamese Jokes
😁
বুবুল আৰু জয়ন্ত দুয়ােনলে গলে লগা বন্ধু।
বুবুলে এদিন জয়ন্তক বন্ধুত্ব পৰীক্ষা চাবৰ বাবে কলে-
বুবুল: জয়ন্ত, মােক টকা কেই হাজাৰমান ধাৰলৈ দিবিনে?
জয়ন্ত: টকাৰে তই কি কৰিবি ?
বুবুল: বহুদিনীয়া চখ এটা আছে। মটৰ চাইকেল এখন কিনিম।
জয়ন্ত: টকাই যেতিয়া নায়েই মটৰ চাইকেলখন কিনিনাে কি কৰিবি ?
বুবুল: জয়ন্ত, মই তােৰপৰা টকাহে ধাৰে বিচাৰিছোঁ। উপদেশ বিচৰা নাই।
অসমীয়া কৌতুক: Assamese Jokes
😁
ছমহীয়া পৰীক্ষাত ভূগােলৰ প্রশ্ন আহিছে-“পৃথিৱীত প্রথম কেতিয়া জীৱ সৃষ্টি হৈছিল ?”
এজন ছাত্ৰই লিখিলে-“সেইকথা একমাত্র ভগৱানেহে জানে।”
পৰীক্ষকে বহী চাই শূন্য এটা দি মন্তব্য লিখিলে-“তেতিয়াহ'লে সম্পূর্ণ নম্বৰ ভগৱানকে দিলোঁ।”
অসমীয়া কৌতুক: Assamese Jokes
😁
এখন নির্বাচনী সভাত এজন নেতাই খুব চিঞৰি-চিঞৰি ভাষণ দিছে-“ৰাইজ, আপােনালােকে মােক ভােট দিয়ক। মই আপােনালােকৰ ববে এখন দলং নির্মাণ কৰি দিম।”
সভাৰ মাজৰপৰা এজনে থিয় হৈ ক'লে-“ডাঙৰীয়া, আমাৰ ইয়াত দেখােন নদীয়েই নাই, দলং নিৰ্মাণ কৰি কি কৰিব?”
লগে লগে নেতাজনে ক'লে- ‘সেইকথা চিন্তা কৰিব নালাগে। মই প্রথমে নদী খান্দিম, তাৰপাছতহে দলং নির্মাণ কৰিম।”
অসমীয়া কৌতুক: Assamese Jokes
😁
এজন বন্ধুৱে অন্য এজন বন্ধুক সুধিছে-
প্রথম বন্ধু: বন্ধু, কোৱাচোন, দিনত যে পােহৰ থাকে, ৰাতি আন্ধাৰ হয় কিয় ?
দ্বিতীয় বন্ধু: হেৰ এইটো প্রশ্ন কোনােবা পাগলক সুধিলেও সি উত্তৰ দিব পাৰিব?
প্রথম বন্ধু: সেই বাবেই তাে তােক সুধিছে।
অসমীয়া কৌতুক: Assamese Jokes
😁
অসমীয়া পঢ়ুৱাৰ পাছত শিক্ষকে ল'ৰা-
ছােৱালীবােৰক হঠাৎ সুধিলে-
কোৱাচোন কোনবিধ গছৰ পাত আমাৰ সকলােতকৈ বেছি প্রয়ােজনীয়?
কোনােৱে ক'লে কলগছৰ পাত, কোনােৱে ক'লে তুলসী পাত, কোনােৱে কলে পদুমৰ পাত।
শ্ৰেণীৰ ভিতৰতে সকলােতকৈ বুদ্ধিমান বুলি ভবা শুভমে থিয় হৈ ক'লে-
- ছাৰ, ইয়াৰ এটাও নহয়। পাণহে বেছি প্রয়ােজনীয়। কিয়নাে, আপুনি সদায়ে শ্রেণীলৈ পাণ খাই আহে।
অসমীয়া কৌতুক: Assamese Jokes
😁
চম্পাই পঢ়াৰ মাজতে বন্ধুলৈ চিঠি এখন লিখিছে। তেনে সময়তে ককায়েক আহি তাইৰ ওচৰত থিয় হ’লহি। সেয়ে তাই লিখিব পৰা নাই। বাধ্য হৈ চম্পাই লিখিলে-“তােলৈ বহু কথাই লিখিবলৈ মন আছিল; কিন্তু এজন নির্লজ আৰু অসভ্য মানুহ আহি মােৰ ওচৰত থিয় হৈ আছে। সেয়ে আজিলৈ ইমানতে সামৰিলোঁ।”
Comments
Post a Comment