মানুহৰ জীৱন মানুহৰ মন জীৱনৰ সফলতা জীৱনৰ অৰ্থ জীৱনৰ অপৰিসীম মনৰ ভাব Get link Facebook X Pinterest Email Other Apps July 25, 2020 মানুহৰ জীৱন মানুহৰ মন জীৱনৰ সফলতা জীৱনৰ অৰ্থ জীৱনৰ অপৰিসীম মনৰ ভাব_Assamese জীৱন- ঠিক এখিলা পাতৰ দৰেই জীৱন- ঠিক এখিলা পাতৰ দৰেই 🖊ময়ুৰী গোহাঁই মানুহৰ জীৱনটো চাবলৈ গলে খুউব জটিল আৰু এটা দিশৰপৰা চাবলৈ গলে খুউব সহজ। কিয় ভাব হয় বাৰু এনেকুৱা? এনেকুৱা ধৰণৰ প্ৰশ্ন মানৱীয় জীৱনত প্ৰায়ে উত্থাপিত হয়। প্ৰায়ে দেখা যায় মানুহৰ সেই কথোপকথন নিজৰ জীৱনটোক লৈ। কাৰণ জীৱনটো এবাৰেই। সেই জীৱনটিক সুন্দৰকৈ গঢ়াই তুলিবলৈ প্ৰত্যেক জন ব্যক্তিয়েই চেষ্টা কৰে। নকৰেনে? নিশ্চয় কৰে। জীৱনটিক গঢ়িবলৈ, জীৱনটিক সুন্দৰভাৱে আগুৱাই নিবলৈ হলে জীৱনটোত ত ঘাত প্ৰতিঘাত আহিবই, সেই বুলিয়েই জানো জীবনটিক অন্তিম ৰূপ দিয়া টো জানো উচিত??? এশ শতাংশই অনুচিত। জীৱনটিত যি পাইছে তাকেই লৈ সন্তুষ্টি লাভ কৰক। তাৰ মানে এইয়া নহয় যে আৰু আপুনি একোয়েই নকৰিব। নিশ্চয় কৰিব। মানুহে সফলতা অর্জন কৰিবলৈ কি নকৰে বা কি নকৰা দেখিছে??? মাথোঁ এটা কথাত ধ্যান দিব যে নিজৰ সপোন বাস্তবিকতাত ৰূপ দিবলৈ বা নিজৰ সফলতা অর্জন কৰিবলৈ যাওঁতে কাৰো যেন অপকাৰ নহয়। তেতিয়াহে আপোনাৰ প্ৰকৃত সফলতা হব। গাফিলতি কৰি, আনক অন্যায় কৰি, আনৰ মনত আঘাত দি সফলতা লাভ কৰিবলৈ সহজ। কিন্তু ধনাত্মক দিশেৰে আগবাঢ়ি,শ শ মানুহৰ হৃদয় জয় কৰি সফলতা লাভ কৰা আজিৰ দিনত কিমান দেখিছে??? ইমান সহজ নহয় যিমান আপোনালোকে ভাবিছে আৰু হয়, বহুলোকে লাভ কৰিছেও আৰু তেওঁলোকে সফলতাৰ যি সুখ পাইছে সেইয়া অপৰিসীম.... তেওঁলোকে নিজৰ জীৱনটিক ভাললগাকৈ গঢ়ি তুলিছে। সঠিক সময়ত সঠিকভাবে সফলতা লাভ কৰিবলৈ হলে মন মগজুৰ পৰা ঋনাত্মক ধাৰণা আতৰাবই লাগিব। যদিও ঋনাত্মক ধাৰণাবোৰ আহে তেন্তে সেই সমূহক ধনাত্মকতাৰে চালি-জাৰি চাই কেনেকৈ সমাধান কৰিব পাৰি তাকেই চাব লাগে। Get link Facebook X Pinterest Email Other Apps Comments
Comments
Post a Comment