Posts

Showing posts from December, 2020

বৰগীত মানে কি-Borgeet by Sankardev and Madhavdev

Image
বৰগীত মানে কি।।বৰগীতৰ বৈশিষ্ট্য আৰু বৰগীতৰ লগত জড়িত বহু প্রশ্ন উত্তৰ।।শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ বিষয়ে কিছু আভাস-all about borgeet Assamese culture by Sri Manta Sankardev and Sri Madhadev  বৰগীত প্রঃ বৰগীত কাক বােলে ? উঃ (ক) শঙ্কৰদেৱ আৰু মাধৱদেৱৰ ৰচিত গীতসমূহকে বৰগীত বােলে। (খ) “আধ্যাত্মিক ভাৱ, তাৰ উপযােগী মার্জিত ভাষা আৰু স্বর্গীয় ৰাগ থকা প্রাচীন গীতক বৰগীত বােলে।” প্রঃ বিভিন্ন পণ্ডিতে বৰগীতক কি বুলি আখ্যা দিছে? উঃ (১) ড° বাণীকান্ত কাকতি—Noble Numbers, Noble Song. (২) কালিৰাম মেধি— Great Song, Song Celestial. (৩) দেবেন্দ্রনাথ বেজবৰুৱা- Holy Song প্রঃ ড° মহেশ্বৰ নেওগে বৰগীতক বৰগীত বােলাৰ কেইটা বৈশিষ্ট্য দাঙি ধৰিছে ? উঃ চাৰিটা। প্রঃ এই বৈশিষ্ট্যকেইটা কি কি? উঃ (ক) বিষয়বস্তুৰ সংযমশীলতা বা সংযম, (খ) বৰগীতৰ ভাষা, (গ) সুৰৰ বৈশিষ্ট্য (ঘ) চৈধ্য প্রসঙ্গৰ পৰিক্ৰমাত সিবিলাকৰ স্থান। প্রঃ চৰিত পুথিৰ মতে গুৰুজনে কিমান বৰগীত লিখিছিল? উঃ বাৰ কুৰি। প্রঃ বনপােৰা জুইত পােৰাৰ পিছত কিমান বৰগীত ৰক্ষা পৰিল? উঃ ৩৪টা। প্রঃ যিজন ভকতে বৰগীতৰ পুথিখন আওৰাবলৈ নি জুইত পােৰালে তেওঁৰ নাম ক...