অসমীয়া কবিতা- জীয়া যৌৱন

অসমীয়া কবিতা- জীয়া যৌৱন অসমীয়া কবিতা 🖊ময়ুৰী গোহাঁই শব্দৰে বুজাব নোৱাৰা বহু কথা মনৰ গহন কোণত জাগে কেৱল গহন কোণত জাগে; স্মৃতিৰ দোলাৰে ভাহি আহে বহু অলৌকিক কথা স্মৃতিৰ বননিত হাস্যৰস হৈ জিলিকে, আৰু মুখত বিৰিঙি উঠে এক মৃদু হাহিঁ। তোমাক পোৱাৰ বাসনা মনত জাগে মাথোঁ জাগে সপোনৰ দলিচাত বাগৰ দি বহু কথাৰ খলকনিৰ দুল উঠে, জীৱনটো উপভোগ কৰাৰ মাধুৰিমা প্রাণে কোহেঁ ঢল উঠে, জীয়া যৌৱন আৰু কেচাঁ সপোনৰ এক জীয়া ঢল চকুৰ পলকত ভাহে আৰু ভাহে স্মৃতিৰ আৰেঁ আৰেঁ। মন প্রাণ প্রাণজিৎ হৈ দোকোল বনত তোমাক পোৱাৰ বাসনা এক মৃদু গতিত আগবাঢ়ে সহস্র বাধাক বলি দি তোমাক পাবলৈ মনৰ বাসনা বাঢ়ে ; থাকিবা সদায় মোৰ মনৰ লগৰী হৈ মোৰ জীৱন লগৰী হৈ প্রতি পলে অনুপলে এনাজৰীৰ দোলেৰে। ।