তাইজনী- তাইৰ সপোন আৰু কল্পনাৰ সাগৰখন_Khuj_Assamese Poem

তাইজনী- তাইৰ সপোন আৰু কল্পনাৰ সাগৰখন_ Assamese Poem by Mayuri Goahin

Assamese poem_khuj2, margheritaতাইজনী- তাইৰ সপোন আৰু কল্পনাৰ সাগৰখন_ Assamese Poem by Mayuri Goahin
অসমীয়া কবিতা



অসমীয়া কবিতা- Assamese Poem by Mayuri Gohain


তাইজনী- তাইৰ সপোন আৰু কল্পনাৰ সাগৰখন




তাইও জনা নাছিল
সেই সংঘাতময় জীবনৰ বাটচোৱাৰ কথা
কিন্তু নিয়তিয়ে টানি লৈ গ'ল
সেই নজনাৰ দিশে
তেতিয়া তাই বহু প্ৰতাৰণাৰ বলি হৈছিল
আৰু পৰিস্থিতিৰ মাজত থাকি 
আৰু নিজকে চম্ভালি লবলৈয়ো শিকিছিল। 


নজনাকৈ নভবাকৈ ক'ত পৰিস্থিতি
এনেকৈয়ে ভুমুকিয়াই যায় বহু লোকৰ জীৱনত
থান বান কৰি যায় জীৱনৰ মমতাক, 
কাণত যেন এক অবুজ কোলাহলে ৰিঙিয়াই যায়
আৰু এক ভয়াবহতাৰ উমালহে মাথোঁ 
জীৱনৰ দলিচাখনত সিচি দি যায়। 


কল্পনাৰ মায়াত বুৰ যাবলৈ তাই বেয়া নাপায়
এতিয়া মাথোঁ কল্পনাই সপোন বোৰ 
কাঢ়ি নিয়ে বুলিহে তাইৰ ভয়
এক বিশাল ভয়ালতা
কেৱল ৰুণুক জুনুক কৰি 
মাদল বজাদি বাজে 
তাইৰ হৃদী দুৱাৰ দলিত।। 



🖊ময়ুৰী গোহাঁই

Comments