ৰূপ-যাৰ নাম অসমীয়া কবিতা-Assamese poem by Mayuri Gohain

ৰূপ-যাৰ নাম অসমীয়া কবিতা_Assamese poem by Mayuri Gohain



অসমীয়া কবিতা
কবিতা


ৰূপ-যাৰ নাম

🖊ময়ুৰী গোহাঁই


ৰূপৰো এক পোহৰ আছে

সেই পোহৰক অনুধাবন কৰি

আগুৱাই যোৱা তোমাৰ গন্তব্যৰ দিশে, 

সিচি দিয়া ভৱিষ্যতত

তোমাৰ সোণালী আশাৰ সোণালী বীজ

ঢালি দিয়া তোমাৰ অজস্র সপোন বোৰক

বাস্তবিকতাৰ দলিচাখনিত, 

মোহাৰি দিয়া তোমাৰ মৌনতাৰ কোলাহলত

ডুব যোৱা অতীত। 

ধৰি ৰাখা তোমাৰ সোণালী যৌৱনক

আমন্ত্রণ কৰা তোমাৰ প্ৰণয়ৰ ভৱিষ্যতাক, 

য'ত আছে ৰঙীন আশাৰ বাস্তৱি ৰূপ

আছে সোণোৱালী সপোনৰ মিঠা ৰেঙণী। 

আগুৱাই যোৱা মাথোঁ আগুৱাই যোৱা

এপলকো নৰবা মায়াৰ মাতত

এৰি নিদিবা সুন্দৰ জীবনটো মায়াৰ জালত

সপোন ৰচি যোৱা আৰু

সপোনৰ বননিত মন উপচাই দিয়া

সফলতাৰ কামনাৰে মাথোঁ হিয়া উজাৰি।। 

Comments