জীৱনৰ ডাঙৰ উপহাৰ এইয়া Assamese Poem
জীৱনৰ ডাঙৰ উপহাৰ এইয়া.. আজিৰ শুভ দিনত
ভবাই নাছিলো যে সম্পর্কটো ইমান থুনুকা আছিল কাঁচৰ দৰে, আকঁ এটা লাগোতেই ভাঙি গ'ল
এবাৰো সুধি নাচালাই মোলৈ মোৰ মনৰ কথা, তোমাৰ কাষৰপৰা মই সচাঁই যাব বিচাৰিছো নে নাই বিচৰা, এটা কথা কি জানানে? পৰিয়ালৰ মাজত মোক কোনো দিন তুমি সাঙুৰি লোৱাই নাছিলা, সেয়ে ইমান সহজে অৱহেলিত কৰিব পাৰিলা মোক... ইচ্ছা বোৰৰ দহন কৰিব পাৰিলা তুমি,
তুমি ভাবিবও পাৰা যে তোমাৰ অবিহনে মই একো কৰিব নোৱাৰো বুলি.. মোক দুৰ্বল ভাবা তুমি মই সেয়াও জানো..
কিন্তু সময়ৰ লগত মই বিলিন হৈ যাম
বিলিন হৈ যাব তোমাৰ মোৰ স্মৃতি বোৰ
এসময়ত বছৰ বছৰ ধৰি গঢ়া সপোনবোৰত মাঁমৰ লাগিব...
সময়ৰ সোঁতত মই সাহসী হ'ম, মই নিৰ্ভয়ী হ'ম
বিপুল সম্ভাৰ গঢ়িম... তোমাৰ মোৰ প্ৰতি থকা ধাৰণাক ভুল বুলি প্ৰমাণিত কৰিম যাৰ বাবে তুমি মোৰ পৰা আজি দূৰত
মোৰ মূখৰ হাঁহি কেতিয়াও বিলিন নহয়, কাহানিও নহয়... মই আজি যিদৰে কাইলৈয়ো ঠিক একেদৰেই মই থাকিম...একো সলনি নহয় মোৰ বয়সৰ চাপৰ বাহিৰে আৰু তুমি যে জোৰ কৰি সলনি হবা সেয়াও মই জানো... নিজক লুকুৱাবা সেয়াও মই জানো
ভবা নাছিলো অভিমানবোৰে গোটেই সম্পর্কটোকে গিলি থব বুলি... অভিমানে মৰম বঢ়াই বুলিহে শুনি ছিলো..কিন্তু আমাৰ??????
######
Comments
Post a Comment