বৰগীত মানে কি-Borgeet by Sankardev and Madhavdev
বৰগীত মানে কি।।বৰগীতৰ বৈশিষ্ট্য আৰু বৰগীতৰ লগত জড়িত বহু প্রশ্ন উত্তৰ।।শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ বিষয়ে কিছু আভাস-all about borgeet Assamese culture by Sri Manta Sankardev and Sri Madhadev
![]() |
বৰগীত |
প্রঃ বৰগীত কাক বােলে ?
উঃ (ক) শঙ্কৰদেৱ আৰু মাধৱদেৱৰ ৰচিত গীতসমূহকে বৰগীত বােলে।
(খ) “আধ্যাত্মিক ভাৱ, তাৰ উপযােগী মার্জিত ভাষা আৰু স্বর্গীয় ৰাগ থকা প্রাচীন গীতক বৰগীত বােলে।”
প্রঃ বিভিন্ন পণ্ডিতে বৰগীতক কি বুলি আখ্যা দিছে?
উঃ (১) ড° বাণীকান্ত কাকতি—Noble Numbers, Noble Song.
(২) কালিৰাম মেধি— Great Song, Song Celestial.
(৩) দেবেন্দ্রনাথ বেজবৰুৱা- Holy Song
প্রঃ ড° মহেশ্বৰ নেওগে বৰগীতক বৰগীত বােলাৰ কেইটা বৈশিষ্ট্য দাঙি ধৰিছে ?
উঃ চাৰিটা।
প্রঃ এই বৈশিষ্ট্যকেইটা কি কি?
উঃ (ক) বিষয়বস্তুৰ সংযমশীলতা বা সংযম,
(খ) বৰগীতৰ ভাষা,
(গ) সুৰৰ বৈশিষ্ট্য
(ঘ) চৈধ্য প্রসঙ্গৰ পৰিক্ৰমাত সিবিলাকৰ স্থান।
প্রঃ চৰিত পুথিৰ মতে গুৰুজনে কিমান বৰগীত লিখিছিল?
উঃ বাৰ কুৰি।
প্রঃ বনপােৰা জুইত পােৰাৰ পিছত কিমান বৰগীত ৰক্ষা পৰিল?
উঃ ৩৪টা।
প্রঃ যিজন ভকতে বৰগীতৰ পুথিখন আওৰাবলৈ নি জুইত পােৰালে তেওঁৰ নাম কি?
উঃ বৰপেটাৰ কমলা গায়ন।
প্রঃ বৰগীতৰ ভাষা কি?
উঃ ব্ৰজাৱলী।
প্রঃ হিন্দুস্থানী বড়গানা’ৰ লগত বৰগীতৰ কিবা সম্বন্ধ আছেনে?
উঃ নাই।
প্রঃ শাস্ত্রীয় সঙ্গীতৰ নিয়ম মানিলেই বৰগীত হ’বনে ?
উঃ নহয়।
প্রঃ শঙ্কৰদেৱৰ বৰগীতসমূহত তালৰ উল্লেখ আছেনে?
উঃ ষড় ছন্দৰ গীত’ বােলা তিনিটা গীতৰ বাদে বাকীবিলাক গীতত তালৰ উল্লেখ নাই।
প্রঃ বৰগীতৰ প্ৰধান ভাগ কেইটা? সেই ভাগকেইটা কি কি?
উঃ ছটা। লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চৌর্য আৰু চাতুৰী।
প্রঃ লীলা বিষয়ক বৰগীতসমূহক আৰু ভাগ কৰিব পাৰিনে?
উঃ পৰম পুৰুষ ভগৱন্তৰ লীলা বিষয়ক বৰগীতসমূহ জাগৰণ, খেলন, চলন, নৃত্য আদি ভাগত ভগাব পাৰি।
প্ৰ: বৰগীত আৰু অঙ্কৰ গীতৰ মাজত পার্থক্য আছেনে? কেইটামান উল্লেখ কৰিব পাৰিনে?
উঃ আছে।
(১) খােল প্রসঙ্গত বৰগীত বেলেগ বেলেগ তাল সংযােগ কৰি গাব পাৰে। ধ্ৰুং’ অংশ দোহৰা নহয়। . অঙ্কৰ গীত খােল প্রসঙ্গত সাধাৰণতে ব্যৱহাৰ নকৰে। কৰিলেও বৰগীতৰ ৰীতিকে অনুকৰণ কৰে।
(২) বৰগীত উপাসনাৰ গীত, উপাসনাত তাল-বাদ্য সঙ্গত নকৰাকৈ গােৱা হয়। অঙ্কৰ সকলাে গীত উপাসনাৰ উপযােগী নহয়।
(৩) শঙ্কৰদেৱ-মাধৱদেৱ ৰচিত গীতকহে বৰগীত বােলা হয়। অঙ্কৰ গীত মহাপুৰুষ দুজনাৰ নাটৰ গীতসমূহকহে এই শ্ৰেণীত ধৰা হৈছে। ইত্যাদি।
প্রঃ আগবেলা গােৱা বৰগীতত সাধাৰণতে তালৰ ক্ৰম কেনেধৰণৰ?
উঃ পৰিতাল, চোটা দোমানী, সৰু যতি, যামান, বৰষতি, ৰূপক, বিষম, বৰবিষম, দশবাৰি, তিনিমানি, আঠতালি, খৰমান।
প্রঃ ভাটিবেলা গােৱা বৰগীতৰ তালৰ ক্ৰম কেনেধৰণৰ ?
উঃ ৰচক তাল, পৰিতাল, যতি, ধমতি, মাথাযতি, উনতি, আৰ ৰূপক, আৰ বিষম, ৰূপ গঞ্জ, সুধা গঞ্জ, একতাল আৰু খেলা।
প্রঃ কোন সময়ত কোন ৰাগৰ গীত গাব লাগে ?
উঃ (১) প্রাতঃ প্রসঙ্গ—শ্যাম, কৌ, কল্যাণ, অহিৰ আদি।
(২) দুপৰীয়া কৌ, অহিৰ, শ্যাম, কল্যাণ আদি।
(৩) বিয়লি— আশােৱাৰী, ভাটিয়ালী, ধনশ্রী আদি।
(৪) সন্ধ্যা— বসন্ত, আশােৱাৰী, ধনশ্রী ইত্যাদি।
প্রঃ অঙ্কৰ গীত আৰু বৰগীতৰ সংখ্যা কিমান ?
উঃ বৰগীত ১৯১টা, অঙ্কৰ গীত ১৫১টা।
প্রঃ শঙ্কৰদেৱৰ ৰচিত প্রথম বৰগীত কোনটো?
উঃ ‘মন মেৰি ৰাম চৰণহি লাগু”।
প্রঃ এই বৰগীতটো ক'ত ৰচনা কৰিছিল?
উঃ তীর্থ ভ্রমণ কালত বদৰিকাশ্ৰমত।
প্রঃ প্রচলিত ছপা বৰগীত পুথিত থকা প্ৰথম বৰগীত কোনটি?
উঃ “জয় জয় যাদৱ জলনিধি যাধৱ ধাতা/শ্ৰতমাত্র খিল তাত্রা। স্মৰণে কৰয়। সিদ্ধি/দীন দয়ানিধি/ভকত মুকুতি পদ দাতা।।”
প্রঃ চিলাৰায় দেৱানে শঙ্কৰদেৱৰ কোনটো বৰগীত শুনি তেৰাৰ ওচৰত শৰণ প্রার্থিছিল?
উঃ “পামৰ মন চৰণে চিত্ত দেহু”“ভার্যা কমলা প্রিয়াৰ মুখত শুনি।
প্রঃ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান ?
উঃ ১৫৭ টা।
প্রঃ শঙ্কৰদেৱৰ ৬খন নাটত গীতৰ সংখ্যা কিমান ?
উঃ ১২৮টা।
প্রঃ মাধৱদেৱৰ নাটত কিমান গীত আছে?
উঃ ২৩টা।
প্রঃ অঙ্কৰ বা নাটৰ গীতসমূহক কেইভাগত ভাগ কৰিব পাৰি?
উঃ ৫ ভাগত।
প্রঃ এই ভাগ কেইটা কি কি?
উঃ প্রাৱেশিকী (প্ৰৱেশৰ গীত),
নৈস্কামিকী (প্রস্থানৰ গীত),
আক্ষেপিকী (নাটৰ কথা বস্তুৰ পৰিৱৰ্তনত ব্যৱহাৰ হােৱা),
প্রাসাদিকী (ৰঙ্গস্থলত প্রসন্নতা সঞ্চাৰ কৰা গীত), অন্তৰা (চৰিত্ৰৰ মানসিক অনুভূতি প্রকাশক গীত)।
প্রঃ বৰগীত আৰু নাটৰ গীতত ব্যৱহাৰ হােৱা মুঠ ৰাগৰ সংখ্যা কিমান ?
উঃ ৩৩টা।
প্রঃ যুক্ত ৰাগ কেইটা ?
উঃ ৭টা।
প্রঃ আন লৌকিক গীতৰ পৰা বৰগীতক কিহে পৃথক কৰিছে?
উঃ লৌকিক গীতৰ দৰে বৰগীতত সাংসাৰিক, বিষয় বাসনা, প্রেম পীৰিতিৰ কথা নাই। গভীৰ আধ্যাত্মিক তত্ত্বই লৌকিক গীতৰ পৰা পৃথক কৰিছে।
প্রঃ শঙ্কৰদেৱৰ বৰগীতৰ সৰহভাগেই কি সূচনা কৰে?
উঃ প্রার্থনা। মানৱ জীৱনৰ ক্ষণভঙ্গুৰতা, দুষ্প্রাপ্যতা আৰু হৰি ভক্তিৰ মাহাত্ম।
প্রঃ শঙ্কৰদেৱৰ বৰগীতত কোনবিধ ভক্তিৰ অভিব্যক্তি ঘটিছে?
উঃ শান্ত আৰু দাস্য।
প্রঃ মাধৱদেৱৰ বৰগীতত অভিব্যক্ত হােৱা ভক্তিৰস কি?
উঃ বাৎসল্য ভক্তি।
প্রঃ কি কি কাৰণত বৰগীতসমূহে উচ্চ আসন লাভ কৰি আহিছে ?
উঃ বিষয়বস্তু, ভাষা, ৰচনা-ৰীতি আৰু সাঙ্গীতিক গুণত।
প্রঃ অসমীয়া গীতি-সাহিত্যত বৰগীতৰ স্থান কি?
উঃ একক আৰু অদ্বিতীয়।
প্রঃ “নােম নেগুৰ বৰ্জিত সিয়াে গায় বৰগীত”—এই প্রবচন কিয় ব্যৱহাৰ কৰা হয় ?
উঃ অজ্ঞ লােকৰ মুখত উচ্চাঙ্গ বৰগীত শুনি তাচ্ছিল্যৰ সুৰত কোৱা কথাই কাললৈ হয়তাে আপ্ত বাক্যৰ দৰে এই কথা থাকি গ'ল।
প্রঃ ‘পুৱাৰ গীত গধূলি গায়, ধন ভৰে কিল খায়’ এনে কথা কিয় কোৱা হয় ?
উঃ বিভিন্ন সময়ত বিভিন্ন ৰাগত বৰগীত গােৱাৰ নিয়ম। ইয়াৰ ব্যতিক্রমতে এনে উক্তিৰ প্ৰয়ােগ।
প্রঃ বৰগীতে উচ্চাঙ্গ মার্গ সঙ্গীতৰ সৰ্বভাৰতীয় স্বীকৃতি পাইছেনে?
উঃ পৰিতাপৰ বিষয় আজিও সেই মর্যাদা পাবলৈ বাকী।
প্রঃ সৰ্বভাৰতীয় স্বীকৃতি পােৱাৰ যােগ্যতা বৰগীতৰ নাইনে?
উঃ সম্পূর্ণ ৰূপেই আছে।
মাধৱদেৱৰ বৰগীত
প্রঃ মাধৱদেৱে বৰগীত কিয় লিখিছিল?
উঃ শঙ্কৰদেৱে লিখা বৰগীতৰ পুথিখন জুয়ে পােৰাত মনৰ দুখত মাধৱদেৱক বৰগীত লিখিবলৈ কৈছিল—“বৰাৰ পাে, অনেক শ্ৰমকৈ গীতখানি কৈলাে, পুইলে। গীত কিছু কৰা, আমি নকৰাে আৰু। তেহে মাধৱদেৱে গুৰু বাক্য ধৰি কৰিছে।”-কথা গুৰুচৰিত।
প্রঃ মাধৱদেৱে বিভিন্ন সময়ত আৰু পৰিস্থিতিত লিখা বৰগীতৰ উদাহৰণ দিব পাৰিনে?
উঃ ‘ভয়াে ভাই সাৱধান, যাবে নাহি চুটে প্রাণ’ বৰগীতটি হৰি জোৱাইৰ শিৰচ্ছেদৰ সময়ত ৰচনা কৰা। এনে উদাহৰণ আৰু আছে।
প্রঃ মাধৱদেৱে সৰহভাগ বৰগীত ক’ত ৰচনা কৰে ?
উঃ সুন্দৰীদিয়াত।
প্রঃ মাধৱদেৱে বৰগীতৰ মাজেদি শিশু কৃষ্ণৰ চৰিত্ৰ কেনেদৰে অঙ্কণ কৰিছে?
উঃ চিৰন্তন শিশু আৰু মাতৃ।
প্রঃ মাধৱদেৱৰ বৰগীতৰ ভাষা কি?
উঃ ব্ৰজাৱলী।
প্রঃ মাধৱদেৱৰ বৰগীতসমূহত বাস্তৱ আৰু জনজীৱনৰ চিত্র প্রকাশ পাইছেনে?
উঃ শঙ্কৰদেৱতকৈয়াে অধিক মনােৰম আৰু বাস্তৱ ৰূপত প্ৰকাশ পাইছে।
প্রঃ মাধৱদেৱৰ বাৎসল্য ভক্তি লগত আন এজন বৈষ্ণৱ সাধকৰ মিল আছে সাধকজন কোন?
উঃ ভক্ত কবি সুৰদাস।
🖊সংগৃহীত
শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ তাৎপৰ্য কী
ReplyDeletecan anyone please answer this question
শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ তাপৰ্য বিষয়ে জানিবলৈ ক্লিক কৰক- https://satriyasanskriti.blogspot.com/2021/10/borgeetor-boisistra-aru-loykhon.html
DeleteThanks
ReplyDelete