অটছ কুকিজ ৰেচিপি- Oats cookies Recipe

অটছ কুকিজ ৰেচিপি- Oats cookies Recipe


উপকৰণ :

ময়দা – ১ কাপ

অটছ – ৩/৪ কাপ শুকানকৈ অলপ ভাজি ল’ব

চেনি - ১/২ কাপ মিক্সিত গুড়ি কৰি ল'ব

কণী - ১ টা

মাখন – ৩/৪ কাপ গলাই ল’ব

ভেনিলা এচেনছ - ১ চাহ চামুচ

বেকিং পাউডাৰ - ১/২ চাহ চামুচ

কর্ণফ্লেকছ – ১ কাপ হাতেৰে গুড়ি কৰি ল'ব

নিমখ সােৱাদ অনুসৰি আৰু বেকিং চদা সামান্য।


প্রস্তুত প্রণালী :  

অভেন প্রি-হিট কৰি লব ১৮০ ডিগ্রি চেলছিয়াছত। এটা ডাঙৰ বাটিত চেনি, মাখন ভালদৰে ফেটি ল’ব।

এতিয়া তাত কণীটো দি খুব ভালকৈ মিলাব। তাৰ পাছত ভেনিলা এচেনছ দিব। 

অন্য এটা বাটিত ময়দা, অটছ, নিমখ, বেকিং চ’দা, বেকিং পাউডাৰ মিহলাই ল’ব। এতিয়া এই মিশ্রণ কণী আৰু মাখনৰ মিশ্রণখিনিত মিহলাই আটাৰ দৰে মথি লওক। ইয়াৰ পৰা এতিয়া সৰু সৰু অংশ লৈ লওক। কর্ণফ্লেকছখিনি এখন প্লেটত লৈ ল’ব আৰু সৰু অংশবােৰ তাৰ ওপৰত লেটিয়াই হাতেৰে অলপ চেপেটা কৰি কুকিজৰ আকাৰ দি যাব আৰু আন এখন প্লেটত ৰাখি যাব। আনহাতে, এখন বেকিং ট্ৰেত অলপ তেল/মাখন সানি ল’ব। এতিয়া তৈয়াৰ কৰি থােৱা কুকিজবােৰ বেকিং ট্রেত সজাই অ’ভেনত বেক কৰক ১৮০ ডিগ্রি চেলছিয়াত ২৫-৩০ মিনিটলে অথবা যেতিয়ালৈকে কুকিজবােৰ ব্ৰাউন ৰঙৰ আৰু টান নহয়। বেক হােৱাৰ পাছত ঠাণ্ডা হ’বলৈ দিয়ক। আৰু এয়াৰ-টাইট টেমাত ভৰাই থ’ব।পুৱাৰ চাহকাপ বা সন্ধিয়াৰ কফিৰ সৈতে পৰিবেশন কৰক এই সুস্বাদু অটছ কুকিজ।



Comments

Popular posts from this blog

১৫০টা মহৎ লোকৰ বাণী||মহৎ লোক আৰু বাণী||জানিবলগীয়া কথা

অসমীয়া কৌতুক Assamese Jokes

এ পি জে আব্দুল কালামৰ মহৎ উপদেশ বাণী APJ Abdul kalam quotes great thoughts status image