এটি অসমীয়া কবিতা-স্বাধীন মন প্রকাশ- Assamese poem
এটি অসমীয়া কবিতা
স্বাধীন মন প্রকাশ-Assamese poem by Mayuri Gohain
জীৱন অজস্র সপোনৰ গহবৰ,
জীৱনে বহু আবিষ্কাৰ কৰে
এই জীৱন মায়াত
আশা, সপোন,প্ৰেম,ভয়াবহতা,
বিশ্বাস, অবিশ্বাস, সংগ্রাম, ধৈর্য্য,
সুখ, শান্তি, দুখ অজস্রতা শিকে জানে পায়,
তথাপি যেন ৰৈ যায় কিবা এটা
জীৱনৰ কোনত,
কি বাৰু সেইয়া?
"স্বাধীন মন প্রকাশ"
হয়টো, তেতিয়াই আহে বিদ্ৰোহ।
কাৰনো বিদ্ৰোহ কৰিবলৈ মন নাযায়,
নিজক মুক্ত কৰিবলৈ
আপোনাৰ মনত নিশ্চয়
বিদ্ৰোহীতাৰ ভাৱ জাগে,
মোৰ মনত নিসন্দেহে জাগে
কিবা এটাৰ ভয়ত হে যেন ৰৈ যাও
হয়টো আপুনিও থমকি ৰয়
কিবা এটাৰ ভয়ত..
জীবনটোৰ গহবৰত
অনেক স্বপ্নৰ জন্ম হয়,
কিন্তু পৰিস্থিতিয়ে নিদিয়ে
স্বপ্ন জাগৰনৰ পথ,
তেতিয়াই জাগে বিদ্ৰোহীতাৰ ভাব,
সকলো আন্ধাৰ দুৱাৰ ভাঙি নিজকে
মুক্ত আকাশৰ তলত মুকলিকৈ
এৰি দিবৰ মন যায়,
মোৰ দৰে আপোনাৰো মন যায়
বোধহয়...
জীৱন যেন এনেকুৱাই
এক ধূলিয়ৰী পথ
বহু জনৰ সপোন জাগে,
বহু জনৰ সপোন ভাঙে
আৰু বহু জনৰ সপোন
আপুনি নজনাকৈ গঢ়ে।
মনৰ প্ৰকাশ স্বাধীনতা
কিমানে পাইছে
কিমানে হেৰুৱাইছে
আৰু কিমানে পাইও হেৰুৱাইছে
তাৰ মাজত আপুনিও একোজন
বোধহয়.....
Comments
Post a Comment