অসমীয়া গল্প||জীৱন এক গাথা||Golpo|| Jibon Ek Gatha|| Short Story
অসমীয়া গল্প||জীৱন এক গাথা||Golpo|| Jibon Ek Gatha|| Short moral Story by Mayuri Gohain
![]() |
চুটিগল্প |
🖊 ময়ুৰী গোহাঁই
জীবন এক গাথা :
অসমীয়া গল্প Short Sad Story by Mayuri Gohain
প্ৰতিটো ক্ষণ
পুৱাৰেপৰা আৰম্ভ কৰি নিশালৈকে জাগ্ৰিত হৈ সমগ্ৰ দিনটো ব্যস্ততাৰ মাজত পাৰ কৰা ব্যত্তিসকল
আৰু নিৰৱতাৰ কোলাহলৰ মাজত বহি থকা মানুহৰ মাজত বহুত ভিন্ন্তা দেখা যায়। কেতিয়াবা সেই
নিৰৱতায়েও কৰ্ম জীৱনৰ ব্যস্ততাক বুজাব পাৰি কিয়নো নিৰৱতা আৰু মৌনতাই কোনো ব্যত্তিক
জীৱনৰ বোজা ৰূপে টানি নিনিয়ে। বাধ্যত পৰি বা কোনো দুৰাৰোগ্য কাৰণত এনে স্বৰূপ দেখা
পাব পাৰে, সেয়ে নিৰৱতাক কেতিয়াও দুৰ্বল ভবা উচিত নহয়। মই ক’ব খুজো অন্তৰা নামৰ ছোৱালীজনীৰ
বিষয়ে যিয়ে ভাল পায় নিৰতাৰ মাজত মৌনতাৰে থাকি, এনে মৌন ভাৱে থকা ছোৱালীজনীক মানুহে
শাৰীৰিকভাৱে বিকাৰগস্ত বুলি ভাৱে কিন্ত কিয় নকয় যে তাই বিকাৰগস্ত নহয় বুলি।
অসমীয়া গল্প Short Sad Story by Mayuri Gohain
এনে মৌনতাৰ
বাবে বহুতে বহু কথাই বেয়াকৈ তাইৰ কাণত গুণগুনাই থৈ যায়। তাই একো নকয়। থিক কথাবোৰ বুজাপৰা
হৈছে তেনে ক্ষণতে তাই নিজৰ পিতৃ মাতৃক হেৰুৱালে। তাই মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল
বহু মৰমৰ কিন্ত সেই মৰম আধৰুৱাভাৱে ভাহি ৰ’ল। তেনে ক্ষণৰ পৰাই তাই মৌনতাৰে বহি থাকে।
না তাই কাৰোবাক কিবা কয় না কিবা সুধে, একো নাই, মাথো আকাৰ ই গিতেৰে কথা পাতে মাত্ৰ
প্ৰয়োজনীয় কথাবোৰহে। কিয় বাৰু তাই মুখেৰে মাতিব নুখুজে হাহিব নুখুজে। সকলোৱে মাত্ৰ
এট ক্থাই কয়, পিতৃ মাতৃৰ মৃত্যুয়ে তাইৰ মনত গ্ভীৰ আঘাত প্ৰাপ্ত হ’ল। তাইৰ মুখত হয়টো
হাহি নিজিলিকিব, মাত নোলাব।
অসমীয়া গল্প Short Sad Story by Mayuri Gohain
তাইৰ মাক দেউতাকৰ মৃত্যুৰ পিছত কোনেও তাইক
আকোৱালি ল’ব খুজা নাছিল। তাইক কোনেও বুজা হিচাপে গ্ৰহণ কৰিব বিচৰা নাছিল কিন্ত তাইৰ
পিতৃ মাতৃ যিমান ভাল স্বভাৱৰ ব্যত্তি আছিল, আনক বিপদৰ সময়ত যিমান সহায় সহযোগ কৰিছিল
কিন্ত এতিয়া এনে অকলশৰীয়া ক্ষণত তাইক আপোন কৰি লোৱা কোনো ব্যত্তিয়েই ওলোৱা নাই। মাথো
তাই জানে তাই নিজৰ বিষয়ে, তাই কাকো ক’ৱ নুখুজে তাইৰ মনৰ কথা, তাইৰ বাবে আজি তাইৰ ভাৱনাবোৰেই তাইৰ জীৱন সগী।
তাই এতিয়া এখ্নি অনাথ আশ্ৰমৰ সদস্য, এই আশ্ৰমখনলৈ অহাৰ পাছৰ পৰাই তাইৰ জীৱনৰ ধাৰা কিছু
পৰিমাণে সলনি হৈছে কিয়নো আশ্ৰমৰ ল’ৰা ছোৱালীৰ মাজত অনাদৰ ব্যৱহাৰ নাই।
অসমীয়া গল্প Short Sad Story by Mayuri Gohain
হাহি ধেমালিৰে,
বুজা বুজিৰে ইটোৱে আনটোৰ লগত ভাই ভ্নীৰ দৰে জীয়াই থকাৰ মাদকতা লাভ কৰিছে। এনে পৰিস্থিতিয়ে
তাইকো হাত বাউল দি মাতিছে। হাহিৰে ভৰা জীৱন তাইও পাব খুজিছে কিয়নো এনে পৰিস্থিতিৰ পৰা
তাই বুজিব পাৰিছে যে জীৱনত জীয়াই থাকিবলৈ হ’লে প্ৰ্থ্মে লাগিব জীয়াই থকাৰ মাদকতা, সাহস,
প্ৰেৰণা, আত্মবিশ্বাস, একাগ্ৰতা আৰু মৰম স্নেহ। আশ্ৰমত তাইক কোনেও বেয়া ব্যৱহাৰ নকৰে,
ইজনে আনজনক সহায় কৰে। নিতৌ পুৱা গধূলি এনে মিলা প্ৰীতি দেখি তাইও মিলিত হ’ব খুজিলে
সেই ল’ৰা ছোৱালীবোৰৰ মাজত হাহি ফুৰ্তিৰে জীয়াই থাকিবলৈ। পুৰণি কথাবোৰ সুৱৰাই নাথাকি
নতুন প্ৰ্ভাতক হাহিৰে আদৰি জীয়াই থাকিবলৈ তাই
শিকিলে।
অসমীয়া গল্প Short Sad Story by Mayuri Gohain
জীয়াই থকাৰ মাদকাতাই যেন তাইৰ সম্পূৰ্ণ জীৱনেই
সলনি কৰি দিলে, নিজকে সমাজত প্ৰ্তিস্থিত কৰিবলৈ তাই প্ৰ্স্তুত হ’ল। হাতে সজা কাম যেনেকৈ
পুতলা বনোৱা, চিলাইৰ কাম কৰা, মাটিৰৰ সামগ্ৰী বনোৱা আদি কাম কৰিবলৈ ধৰিলে, যি কামে
তাইক স্বাৱলম্বী কৰি তুলিছে। এতিয়া তাই সম্পূৰ্ণ আত্মনিৰ্ভৰশীল। আনৰ হাহিৰ খোৰাকে তাইৰ
হৃদয়ক জগাই তুলিলে, সাহস দিলে। জীয়াই থকাৰ প্থ দেখুৱাই দিলে আৰু সেই পথেৰে আজি অন্তৰা
সুখৰ যাত্ৰাত আগবাহিছে।।
অসমীয়া গল্প Short Sad Story by Mayuri Gohain
*****
Comments
Post a Comment