কবিতা নিস্তব্ধ মায়াৰ আৱৰণ || kobita

কবিতা নিস্তব্ধ মায়াৰ আৱৰণ || Assamese kobita || Nistobdho Mayar Awaran ||অসমীয়া কবিতা|| Assamese poem by Mayuri Gohain

অসমীয়া কবিতা 2021 Assamese poem
অসমীয়া কবিতা


🖊ময়ুৰী গোহাঁই

নিস্তব্ধ মায়াৰ আৱৰণ- 


নিস্তব্ধ এটি এন্ধাৰ নিশা

সেই এন্ধাৰৰ মাজত 

ভাহি অহা এক অচিনা সুৰ,

ক'ত নিৰৱতাক নেওচি

আৱৰি ধৰা এন্ধাৰবোৰে

কাকনো সুৱৰাই থৈ যায়,

পলকতে ভাৱনাবোৰ আহে আৰু যায়,

 সৃষ্টি কৰি যায় হঠাৎ এক খলকনিৰ

সিঁচি দি থৈ যায় হিয়াৰ কোণত এক অবুজ ভাৱনা

কি আছে! কি নাই

অজস্ৰ সপোনৰ চাকনৈয়া

দুৰ্বাৰ প্ৰেমৰ অচিন মায়া

সেই মায়াৰ জালত বন্দী হোৱা

বহু ৰঙীন ছবি মাথোঁ অ'ত ত'ত 

আৰু তেজাস্ম জীৱনৰ বহু কল্পনাময়ী তেজাল ছবিৰ সেতুঁ‌

সৃষ্টিৰ মায়া জাগে উঠে আৰু ভাহি ৰয় 

এক নতুনত্বৰ আশাত

কেৱল মাথোঁ তেজস্বময়ী আশাত ....

Comments

Popular posts from this blog

১৫০টা মহৎ লোকৰ বাণী||মহৎ লোক আৰু বাণী||জানিবলগীয়া কথা

অসমীয়া কৌতুক Assamese Jokes

এ পি জে আব্দুল কালামৰ মহৎ উপদেশ বাণী APJ Abdul kalam quotes great thoughts status image