হাহিঁ জীৱনৰ মূলমন্ত্ৰ। অসমীয়া ব্লগ
হাহিঁ জীৱনৰ মূলমন্ত্ৰ all about life
![]() | |||
হাহিঁ জীৱনৰ মূলমন্ত্ৰ
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
হাহিঁ যেন জীৱনৰ মূলমন্ত্ৰ। হাঁহি যে জীৱনৰ বাবে অতি প্রয়ােজনীয় সেই কথা অনুধাৱন কৰিয়ে বিশ্বৰ বিভিন্ন ঠাইত হাঁহিবৰ বাবে লাফিং ক্লাব গঢ় লৈ উঠিছে। যিকোনাে বয়সৰ মানুহে ইয়াত যােগদান কৰি ব্যায়াম নতুবা যােগৰ যােগেদি হহাঁৰ অনুশীলন কৰিব পাৰে। কেলিফোর্নিয়াৰ ছান্তা বৰবাৰৰ নামে ঠাইত ডাঃ এনেট গুডহাট নামৰ ব্যক্তিগৰাকীয়ে ১৯৭৫ চনত প্রথম লাফিং ক্লাৰ আৰম্ভ কৰে বুলি জনা যায়।
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
হাঁহি সম্পর্কে এটি আমােদজনক কাহিনী আছে। প্রায় তিনি হাজাৰ বছৰ আগৰ কথা। চীনদেশত হটেই নামৰ এজন সাধুৱে বাস কৰিছিল। তেওঁ গাঁৱে গাঁৱে ঘূৰি প্রত্যেক গাঁৱতে এডােখৰ ঠাইত ৰৈ মুকলিভাৱে প্রাণখােলা হাঁহি মাৰিছিল। কাৰােবাৰ লগত কথা পাতিবলৈ বা অৱসৰ কটাবলৈ তেওঁৰ সময় নাছিল। তেওঁৰ হাঁহি শুনি বুজন সংখ্যক মানুহ সমবেত হৈছিল আৰু তেওঁলােকো হাঁহিৰ অংশীদাৰ হৈছিল। হটেই যি ঠাইলৈকে গৈছিল জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি হােৱা পৰিলক্ষিত হৈছিল। সেই সময়ত চিকিৎসা বিজ্ঞান উন্নত নাছিল। তেওঁৰ হাঁহিৰ ফলস্বৰূপে স্বাস্থ্যৰ উন্নতি হােৱাৰ বাবে সকলােৱে তেওঁক ঈশ্বৰ প্ৰেৰিত দূত বুলি গণ্য কৰিছিল আৰু তেওঁক লাফিং বুদ্ধ’ বুলি নামকৰণ কৰিছিল।
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
এতিয়া হাঁহিৰ কার্যকাৰিতা বিভিন্ন ধৰণে প্ৰমাণ হৈছে। হাঁহি প্ৰকৃততে বেদনাহাৰী। ৰক্তচাপ, মধুমেহ, হৃদৰােগ, এজমা, কেঞ্চাৰ আদি ৰােগ নিয়ন্ত্রণত হাঁহিৰ ভূমিকা সকলােৱে জনা হৈছে। আমাৰ জীৱনত হাঁহিৰ প্রভাৱৰ অনন্য উদাহৰণ হ'ল ৰসাত্মক সাহিত্য। হাঁহিক লৈ বিভিন্ন যােজনাও আছে। প্রতিযােগিতাত জয়লাভ কৰাজনৰ ক্ষেত্ৰত কোৱা হয় তেৱেই শেষ হাঁহি মাৰিলে। হাঁহিৰে জীৱ- জন্তুও বশ কৰিব পাৰে বুলি জনা যায়। বিশিষ্ট সংগীতজ্ঞ কবি তথা লেখক এডৱার্ড লিয়েৰৰ উদ্ধৃতি এটা দিব খুজিছো, ‘এজন বুঢ়া মানুহে কৈছিল, ‘মই কেনেকৈ এই ভয়ানক গৰুটোৰ পৰা ৰক্ষা পাব পাৰোঁ? মই জেওৰাত বহি গৰুটোৰ ফালে চাই মিচিকিয়াই। হাঁহি আছিলোঁ, এনে কাৰ্যই গৰুটোৰ অন্তৰ কোমলাইছিল।
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
মানুহৰ জীৱন সুখ-দুখৰ সংমিশ্রণ। দুখ আছে বাবেই সুখ প্রাপ্তিৰ অনুভৱ আছে। জীৱনৰ পূর্ণতা প্রাপ্তিৰ বাবে আনন্দমধুৰ পৰিৱেশ এটাৰ সৃষ্টি কৰি যদি আমি হাস্যৰস আহৰণ কৰিব পাৰোঁ, কোনাে আলৈ-আহুকালে আমাক আমনি কৰিব নােৱাৰে। অৰ্থৰ প্রাচুর্যৰ যি সন্তুষ্টি দিব নােৱাৰে, কিছু সময়ৰ বিনা খৰচৰ হাঁহিয়ে সেই সন্তুষ্টি প্রদান কৰিব পাৰে। এমােকোৰা হাঁহিয়ে নিজৰ ঘৰখন স্বর্গীয় কৰি তােলাৰ লগতে জীৱন উদযাপনৰ মাদকতা আনি দিব পাৰে। বিশিষ্ট গায়িকা, নৃত্য পটীয়সী তথা কৌতুক অভিনেত্রী ফিলিছ ডিলাৰ্ছৰ কথাৰেই – A smile is a curve that sets everything straight'.
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
ৰহস্যময়ী, বন্ধুবৰ্গৰ সান্নিধ্যই শব্দ কৰি খােলা হাঁহিৰ প্রকাশ ঘটায়। অৱশ্যে অট্টাহাস্য বহুত সময়ত গ্রহণযােগ্য নহয়। হাঁহি সংক্রামক। সমজুৱাৰ মাজত এজনে হাঁহি দিলে উপস্থিত অন্যান্য ব্যক্তিসকলাে হাঁহিৰ অংশীদাৰ হয়, ৰসাল পৰিৱেশ এটা গঢ় লৈ উঠে। হাঁহি ইমানেই সার্বজনীন যে ৰসিকতা। আৰু হাঁহি, ইয়াৰ মনস্তাত্ত্বিক দিশ আৰু কার্যকাৰিতা সম্পর্কে বিভিন্ন অধ্যয়ন হৈছে, গৱেষণা হৈছে। হাঁহিৰ উৎস, মানৱ শৰীৰত ইয়াৰ প্ৰভাৱ ইত্যাদি বিষয়ত গঢ় লৈ উঠা বিভাগটোক Gelotology বােলা হয়।
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
সৰু ল'ৰা-ছােৱালীৰ ক্ষেত্ৰত কুটকুটালে উঠা হাঁহিৰ কথা আমি সকলােৱে জানাে। কুটকুটোৱাৰ ফলত মানুহে যেতিয়া জোৰেৰে হাঁহে পেশীবােৰ শিথিল হয়। অৱশ্যে কুটকুটালে যে সকললাৰে হাঁহে, সেয়াও নহয়, কুটকুটালে বহুতে অস্বস্তিতহে ভােগে। খুহুতীয়া কথাইয়াে মানুহৰ মাজত হাস্যৰস সৃষ্টি কৰে। হাস্যৰস সৃষ্টি কৰিব পৰাটো মানুহৰ অনন্য গুণ, হাঁহিয়ে মনটো আনন্দময় কৰি ৰাখিব পৰাটোও বিশেষ সফলতা।
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উৎকর্ষ সাধনত বিশেষ ভূমিকা গ্রহণ কৰা হাঁহিৰ ক্ৰিয়াশৈলীও বিস্ময়কৰ। হাঁহি প্ৰধানকৈ নিয়ন্ত্রণ কৰে মানুহৰ মগজুৱে। দহৰপৰা পােন্ধৰ মিনিট উচচ স্তৰত ইহা কার্যই শৰীৰৰ দহৰ পৰা চল্লিশ কেলৰি পর্যন্ত দহন কৰিব পাৰে। ৰক্তবাহী নলীৰ ৰক্তসঞ্চালন প্রক্রিয়া সুচল কৰি তােলাতাে হাঁহিৰ বিশেষ ভূমিকা আছে। এই সম্পর্কে ২০০৫ বর্ষত University of Maryland Medical center ৰ দ্বাৰা প্রথম প্রতিবেদন প্রকাশ পায়। প্রকাশিত তথ্য অনুসৰি হাঁহিয়ে বক্তসঞ্চালন প্রক্রিয়া সুচল কৰাৰ ফলত হৃৎপিণ্ডও সুস্থ থাকে। প্রকৃততে মস্তিষ্কৰ হাইপ’থেলামাছে নিঃসৰণ কৰা বিটা এনড়ৰফাইন নামৰ যৌগই পৰােক্ষভাৱে নাইট্রিক অক্সাইড এৰি দিয়াত সহায় কৰে। ফলত ৰক্তবাহী নলীৰ ৰক্ত সঞ্চালন প্রক্রিয়া সুচল হয়। বিটা এনডৰফাইন নিঃসৰণত হাঁহিৰ বিশেষ ভূমিকা আছে।
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
হাহিঁ থাকিলে মন প্রাণ প্রফুল্লিত হৈ থাকে। কাম কাজ কৰিবলৈ ও মন যায়। সেয়ে কোৱা হয় যে হাহিঁ জীৱনৰ মূলমন্ৰ। জীৱনত দুখ, অভাব অনাতন কাৰ নাথাকে, কিন্তু সেই বুলিয়েই জানো জীৱনটিক দোষাৰোপ কৰি থাকিব? মুঠেই কৰা অনুচিত।
হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status
Comments
Post a Comment