ৰান্ধনিৰ ইটো সিটো_পাকঘৰৰ টিপচ্_দৈনন্দিন জীবনৰ প্রয়োজনীয় বোৰ_পাকঘৰৰ প্রয়োজনীয় বোৰ_খাদ্য সুস্বাদু কৰাৰ উপায়

ৰান্ধনিৰ ইটো সিটো_পাকঘৰৰ টিপচ্_দৈনন্দিন জীবনৰ প্রয়োজনীয় বোৰ_পাকঘৰৰ প্রয়োজনীয় বোৰ_খাদ্য সুস্বাদু কৰাৰ উপায়-

আমাৰ দৈনন্দিন জীবনত বহুত বস্তুৰ প্রয়োজন হয়, বহুত কাম কৰিব লগা হয়, বিশেষ কৈ পাকঘৰৰ ইটো সিটো প্রয়োজন হয়েই আৰু কেতিয়াবা বহু কথা নজনাৰ বাবে খাদ্য বে সুৱাদ হৈ পৰে, সেয়ে আপোনাসৱৰ সহায়ৰ বাবে তলত কিছু মান টিপচ্ দিয়া হৈছে-


পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= শুকান জলকীয়া তেলত ভাজিলে ঘৰৰ সকলোৱে গম পায় আৰু কাহ আহে, তেনে নহবলৈ জলকীয়া ভাজোতে সামান্য নিমখ দি লব। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= সৰিয়হ বাটোতে নিমখ অলপ দি ললে তিতিকি ভাবটো আতৰে।

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese



= চীজ কটাৰ সময়ত কটাৰীখন পানীত তিয়াই ললে সহজে চীজখিনি কাটিব পাৰি

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= নাৰিকল এফাল ব্যবহাৰ কৰি আনফাল থাকি গলে নিমখ পানীত তিয়াই থওক, নষ্ট নহ'ব। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= বাদাম ভাজিবলৈ বহুত তেল লাগে, সেয়ে বাদামত তেল সানি শুকান কেৰাহীত ভাজক।

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= মাছ ভজাৰ আগতে কেৰাহীখনত অকণমান নিমখ চটিয়াই ললে তেল নুফুটে আৰু মাছো কেৰাহীত লাগি নধৰে। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= ফটা কণী সিজাবলৈ হলে কণী সিজোৱা পানীত অলপ ভিনেগাৰ দি ললে কণীটো নষ্ট নহয়। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= পিটিকা আলুত অলপ বেকিং পাউডাৰ দি ললে আলু পাতল আৰু ফচফচীয়া হয়। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= কণী সমানে দুভাগ কৰিবলৈ সূতা এডালেৰে কাটক। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= আঞ্জাত নিমখ বেছি হলে অলপ চেনী বা নেমুৰ ৰস দি দিয়ক, আঞ্জাখন খাবলৈ ভাল লাগিব। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= বন্ধাকবি ৰান্ধোতে বেয়া গোন্ধ এটা ওলায়। এই গোন্ধ আঁতৰাবলৈ বন্ধাকবিৰপৰা ওলোৱা পানীত ঢাকোন নমৰাকৈ ৰান্ধক।

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= ভাত ৰান্ধোতে দুটোপালমান নেমুৰ ৰস দি লওক, ভাতবোৰ জৰজৰীয়া হব আৰু বগাও হব। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= আলু পানীতে কাটিলে ক'লা নপৰে।

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= লেৰেলি যোৱা আলু নিমখ পানীত সিজাওক। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= পুৰনি আলুবোৰ সিজালে বৰ বেয়া গোন্ধ ওলায়, তেনে আলু সিজাওতে অলপ ভিনেগাৰ দি লব। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= আলুৰ বাকলি সহজে গুচাবলৈ গৰম পানীত অলপ সময় তিয়াই থব। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= কেচাঁ অমিতা কাগজেৰে মেৰিয়াই থলে বহু দিনলৈকে ভালে থাকে। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= শুকান জলকীয়া বাটোতে লগতে দুটামান চাউল লৈ লব, বাটিবলৈ সুবিধা হব। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


= লুচিখিনি বেলি দহমিনিট মান ফ্ৰিজত থৈ তাৰপিছত ভাজিব, লুচি মচমচীয়া হোৱাৰ লগতে তেলও কম লাগিব। 

পাকঘৰৰ টিপচ্ Kitchen tips in Assamese


Comments

Popular posts from this blog

১৫০টা মহৎ লোকৰ বাণী||মহৎ লোক আৰু বাণী||জানিবলগীয়া কথা

অসমীয়া কৌতুক Assamese Jokes

এ পি জে আব্দুল কালামৰ মহৎ উপদেশ বাণী APJ Abdul kalam quotes great thoughts status image